নতুন দিল্লীঃ নিউয়ৰ্ক টাইমছৰ বাতৰিক লৈ ক্ৰমাৎ তুংগত উঠিছে আম আদমী পাৰ্টী আৰু ভাৰতীয় জনতা পাৰ্টী (বিজেপি)ৰ মাজৰ সংঘাত। 'নিউয়ৰ্ক টাইমছ'ত দিল্লীৰ শিক্ষা মডেলক লৈ প্ৰথম পৃষ্ঠাত এটি বাতৰি প্ৰকাশ পোৱাৰ পিছতে উক্ত বাতৰিটোক 'পেইড নিউজ’ আখ্যা দি আপক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল বিজেপিয়ে।
উল্লেখ্য যে ১৮ আগষ্ট, বৃহস্পতিবাৰে নিউয়ৰ্ক টাইমছত উক্ত বাতৰিটো প্ৰথম পৃষ্ঠাত গুৰুত্বসহকাৰে প্ৰকাশ পাইছিল। দিল্লীৰ শিক্ষামন্ত্ৰী মনীষ ছিছ’ডিয়াৰ উধৃতিৰে প্ৰকাশিত বাতৰিটোৰ শিৰোনাম আছিল, 'Our children are worth it’। ইয়াৰ এদিন পিছতে ১৯ আগষ্টত আবকাৰী নীতিত অনিয়মৰ অভিযোগ তুলি দিল্লীৰ শিক্ষামন্ত্ৰীগৰাকীৰ বাসগৃহত প্ৰায় ১৪ ঘণ্টা ধৰি তালাচী অভিযান চলাই কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চিবিআইয়ে।
বাতৰিটোক দেশৰ বাবে গৌৰৱ আখ্যা 'আপ’ৰ
১৮ আগষ্টত বিশ্বৰ আগশাৰীৰ সংবাদপত্ৰখনত বাতৰিটো প্ৰকাশ পোৱাৰ পিছতে এয়া সমগ্ৰ দেশবাসীৰ বাবে গৌৰৱৰ বিষয় বুলি মন্তব্য কৰে আপ নেতাসকলে। আপৰ মূৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এক ভিডিঅ’ বাৰ্তাত কয় যে নিউয়ৰ্ক টাইমছৰ দৰে বাতৰি কাকত এখনৰ প্ৰথম পৃষ্ঠাত বিশ্বৰ প্ৰতিগৰাকী প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতিয়ে নিজৰ ফটো প্ৰকাশ হোৱাতো মনে-প্ৰাণে কামনা কৰে। তেনে এখন কাকত তেওঁৰ চৰকাৰৰ শিক্ষামন্ত্ৰীৰ ফটো প্ৰকাশ পোৱাতো কেৱল দিল্লীবাসীৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবেই গৌৰৱৰ বিষয়।
'সমগ্ৰ বিশ্বতে আজি দিল্লীৰ শিক্ষানীতিক লৈ চৰ্চা হৈছে। এই কথাক লৈ বিজেপি ঈৰ্ষান্বিত হৈ পৰিছে। আজি নিউয়ৰ্ক টাইমছ মনীষ ছিছ’ডিয়াৰ ভাল কৰ্মৰাজিক লৈ বাতৰি প্ৰকাশ পোৱাতোক সহজভাৱে ল’ব পৰা নাই বিজেপিয়ে। সেয়ে আজিয়েই ছিছ’ডিয়াৰ ঘৰলৈ চিবিআই পঠিয়াই দিছে বিজেপিয়ে। কিন্তু আমি থমকি নৰও, আমি আমাৰ কাম কৰি যাম। ভাল কাম কৰাত বিজেপিয়ে আমাক বাধা দি ৰাখিব নোৱাৰে।’-এইদৰে কয় কেজৰিৱালে।
বিজেপিয়ে বাতৰিটোক লৈ কি কৈছে?
আম আদমী পাৰ্টীয়ে নিউয়ৰ্ক টাইমছত প্ৰকাশিত বাতৰিটো সমগ্ৰ দেশৰ বাবে গৌৰৱৰ বিষয় বুলি দাবী কৰাৰ সময়তে উক্ত বাতৰিটোক লৈ কেজৰিৱাল বাহিনীয়ে বাহঃ বাহঃ ল’বলৈ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে। দলটোৰ আইটি বিভাগৰ প্ৰভাৰী অমিত মালব্যই টুইটযোগে উক্ত বাতৰিটোক এক প্ৰকাৰ পেইড নিউজ আখ্যা দিয়ে।
'নিউয়ৰ্ক টাইমছ আৰু খালীজ টাইমছে দিল্লীৰ শিক্ষা মডেলক লৈ এয়া কি বাতৰি কৰিছে? এজন লোকেই দুয়োখন কাকততে নোহোৱা কথাৰে বাতৰি লিখিছে আৰু ফটোও এখনেই প্ৰকাশ কৰিছে, (ফটোখন আকৌ প্ৰাইভেট স্কুলৰ)। অৰবিন্দ কেজৰিৱালে এনেদৰে পেইড প্ৰমোশ্যনেৰে বাহঃ বাহঃ লৈছে।’-বিজেপি নেতাজনৰ টুইট।
বিজেপিৰ আইটি চেলৰ সৈতে জড়িত পুনিত আগৰৱালায়ো এই লৈ টুইট কৰা দেখা গৈছে। টুইটটোত পুনিতে লিখিছে, 'নিউয়ৰ্ক টাইমছ আৰু খালীজ টাইমছে একেই ধৰণে একেখন ফটোৰে এজন লোকেই লিখা বাতৰি ছপাইছে। এয়া বাতৰি নহয় অৰবিন্দ কেজৰিৱাল। ইয়াক পইছা খৰছ কৰি দিয়া বিজ্ঞাপন বোলে। মনীষ ছিছ’ডিয়া তালৈকে যাব যাৰ বাবে তেওঁ যোগ্য, সেয়া হৈছে তিহাৰ জেইল।’
বিজেপিৰ 'পেইড নিউজ’ আখ্যাক লৈ আপে কি কয়?
বিজেপিয়ে বাতৰিটোক পেইড নিউজ আখ্যা দিয়াৰ পিছতে আপ নেতা সৌৰভ ভৰদ্বাজে এই লৈ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লৈ ভৰদ্বাজে কয়, 'আজি সমগ্ৰ ভাৰতৰ বাবে দেশ আৰু দেশৰ বাহিৰত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গৌৰৱৰ দিন কিয়নো চৰকাৰী স্কুলত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীৰ ফটো নিউয়ৰ্ক টাইমছত প্ৰকাশ পাইছে। ভাৰতীয় জনতা পাৰ্টীৰ একাংশ অশিক্ষিত নেতাই ইয়াক লৈ আবোল-তাবোল বকিবলৈ আৰম্ভ কৰিছে।’
'নেতা হিচাপে তেওঁলোকে বিদেশৰ বিষয়েও অলপ জানি লোৱা উচিত। তেওঁলোকে নিউয়ৰ্ক টাইমছ কেনেধৰণৰ কাকত সেইটোৱেই নাজানে। বিজেপিৰ নেতাই কৈছে যে নিউয়ৰ্ক টাইমছে প্ৰথম পৃষ্ঠাত পেইড নিউজ ছপা কৰিছে। সেই অভিযোগ কৰাৰ পূৰ্বে তেওঁলোকে জনা উচিত নিউয়ৰ্ক টাইমছ আচলতে কি হয়।’-ভৰদ্বাজে কয়।
তেওঁ আৰু কয়, 'বিজেপিৰ নেতাসকলে কৈছে যে খালীজ টাইমছতো নিউয়ৰ্ক টাইমছত প্ৰকাশিত একেটা বাতৰিয়েই প্ৰকাশ পাইছে। কিন্তু তেওঁলোকে এইটো গমেই পোৱা নাই যে নিউয়ৰ্ক টাইমছত সাংবাদিকজনৰ নামসহ প্ৰকাশ পাইছে আৰু খালীজ টাইমছত নিউয়ৰ্ক টাইমছৰ কৰ্টেছিৰে প্ৰকাশ পাইছে।’
'ভাৰতৰ আটাইতকৈ ধনী দলটোৱেই হৈছে বিজেপি। তেওঁলোকৰ টকাৰ অভাৱ নাই। যদি নিউয়ৰ্ক টাইমছে পেইড নিউজ ছপায়েই তেন্তে ৮ বছৰত তেওঁলোকে বহুত নিউজ তাত উলিয়াব পাৰিলেহেতেন। যদি নিউয়ৰ্ক টাইমছত পেইড নিউজ উলিয়াব পাৰি তেন্তে বিজেপিয়ে কৰ’না কালত ভাৰত চৰকাৰৰ ভুলৰ বাতৰি প্ৰকাশ পাওতে সেয়া পইছা দি কিয় বন্ধ কৰাব নোৱাৰিলে? মই বিজেপিক প্ৰত্যাহ্বান জনাইছো, কাইলৈ নিউয়ৰ্ক টাইমছত পইছা খৰছ কৰি বিশ্বগুৰুৰ ছবি প্ৰকাশ কৰাবলৈ।’-আপ নেতাজনৰ বিজেপিক প্ৰত্যাহ্বান।
ভৰদ্বাজে আৰু কয়, 'বাতৰিটো প্ৰকাশ পাই মোৰ যিমান ভাল লাগিছে তাতোকৈ বেছি ভাল লাগিছে তেওঁলোক ছটফটাই থকা দেখি। তেওঁলোকে আচলতে ভালপোৱা উচিত কিয়নো যিখন কাকতত কৰ’না কালত ভাৰত চৰকাৰৰ বেয়া কামৰ বাতৰি প্ৰকাশ পাইছিল সেইখন কাকতত আজি ভাৰতৰ এখন ৰাজ্যৰ ভাল কথাৰ বাতৰি প্ৰকাশ পাইছে। গতিকে এয়া সুনিশ্চিত যে ২০২৪ত বিজেপি আৰু আম আদমী পাৰ্টীৰ যুঁজখন ভালদৰে হ’ব।’
'নিউয়ৰ্ক টাইমছ’ৰ প্ৰতিক্ৰিয়া প্ৰকাশ
দিল্লীৰ শিক্ষা মডেলক লৈ নিউয়ৰ্ক টাইছৰ প্ৰথম পৃষ্ঠাত বাতৰি প্ৰকাশ পোৱাৰ পিছতে ভাৰতত উক্ত বাতৰিক লৈ চৰ্চা চলাত উক্ত বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কাকত কৰ্তৃপক্ষই। কাকত কৰ্তৃপক্ষই বিজেপিয়ে উত্থাপন কৰা পেইড নিউজৰ অভিযোগ সম্পূৰ্ণৰূপে খাৰিজ কৰি বাতৰিটো গ্ৰাউণ্ড ৰিপৰ্টিঙৰ ভিত্তিত যুগুত কৰি প্ৰকাশ কৰা হৈছে বুলি মন্তব্য কৰিছে।
দেশৰ আগশাৰীৰ নিউজ চেনেল 'ইণ্ডিয়া টুডে’ই এই সন্দৰ্ভত নিউয়ৰ্ক টাইমছৰ শীৰ্ষ সূত্ৰৰ সৈতে যোগাযোগ কৰাত কাকত কৰ্তৃপক্ষই স্পষ্ট কৰি দিয়ে যে উক্ত বাতৰিটো কোনো কাৰণতে বিজ্ঞাপন নহয়। 'আমি স্পষ্ট কৰি দিছো যে আমাৰ আন্তঃৰাষ্ট্ৰীয় সংস্কৰণত প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা বাতৰিটো গ্ৰাউণ্ড ৰিপৰ্টিঙৰ আধাৰত যুগুত কৰা হৈছে। আমি নিয়মিতভাৱে সমগ্ৰ বিশ্বৰ ভিন্ন দেশৰ শিক্ষা ব্যৱস্থাক লৈ বাতৰি প্ৰকাশ কৰি আহিছো। এয়া কোনোপধ্যে বিজ্ঞাপন নহয় আৰু ইয়াৰ বাবে এটকা এটাও লোৱা হোৱা নাই।’-নিউয়ৰ্ক টাইমছ কৰ্তৃপক্ষৰ মন্তব্য।
নিউয়ৰ্ক টাইমছৰ মুখপাত্ৰ নিকোল টাইলৰে আৰু কয়, 'নিউয়ৰ্ক টাইমছে সদায়েই স্বতন্ত্ৰ সাংবাদিকতা কৰি আহিছে। আমাৰ প্ৰতিটো বাতৰিয়েই ৰাজনৈতিক আৰু বিজ্ঞাপনদাতাৰ প্ৰভাৱৰ পৰা মুক্ত। আন সংবাদ সংস্থাই নিয়মিতভাৱে আমাৰ সাংবাদিকে যুগুত কৰা বাতৰি আমাৰ অনুমতি লৈ পুনৰ প্ৰকাশ কৰে। আমাৰ পৰা অনুমতি লৈ খালিজ টাইমছে বাতৰিটো প্ৰকাশ কৰিছিল।’
উল্লেখ্য যে বাতৰিটো প্ৰকাশ পোৱাৰ দিনাই মনীষ ছিছ’ডিয়াৰ ঘৰত চিবিআইয়ে তালাচী চলোৱাক লৈ তীব্ৰ বিষেদগাৰ প্ৰকাশ কৰা দেখা গৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। এই সন্দৰ্ভত কেজৰিৱালে কয় যে আজিয়েই নিউয়ৰ্ক টাইমছত দিল্লীৰ শিক্ষা মন্ত্ৰীৰ বাতৰি প্ৰকাশ পাইছে আৰু আজিয়েই তেওঁৰ ঘৰলৈ চিবিআই পঠিয়াই দিয়া হৈছে। বিজেপিয়ে ছিছ’ডিয়াৰ ভাল কামত বাধা দিবলৈ খোজে বুলিও অভিযোগ কৰে কেজৰিৱালে। ইয়াৰ বিপৰীতে বিজেপিয়ে দাবী কৰিছে যে দিল্লীৰ আবকাৰী বিভাগত হোৱা অনিয়মৰ বাবেহে ছিছ’ডিয়াৰ ঘৰত চিবিআইয়ে অভিযান চলাইছে।