জাজৰিঃ নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত আইভেটি গাঁৱৰ এঘৰাকী ৮২ বছৰীয়া বৃদ্ধৰ মৃতদেহ নিজ ঘৰৰ পৰা প্ৰায় এক কিলোমিটাৰ নিলগত চীপজৰি লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পোৱা মতে, আইভেটি গাঁৱৰ ডিম্বশ্বৰ শইকীয়া নামৰ বৃদ্ধগৰাকীয়ে নিজ ঘৰৰ পৰা প্ৰায় এক কিলোমিটাৰ নিলগৰ চেগুণ গছৰ বাগান এখনৰ ওচৰত থকা বাঁহগছত চীপজৰি লৈ থকা অৱস্থাত উদ্ধাৰ হয়।
পুৱা ৮মান বজাত স্থানীয় লোকে ডিম্বশ্বৰ শইকীয়াৰ মৃতদেহ চীপ লৈ থকা প্ৰত্যক্ষ কৰি পৰিয়ালক খৱৰ দিয়ে৷ জাজৰি আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ ৮২ বছৰীয়া বৃদ্ধ গৰাকীয়ে আত্মহত্যা কৰিছে নে কোনো লোকে হত্যা কৰিছে জানিব পৰা হোৱা নাই৷