মুম্বাইত বিৰোধী মিত্ৰজোঁট INDIAৰ বৈঠক অনুষ্ঠিত হোৱাৰ ঠিক পিছতে এইবাৰ সংসদত বিশেষ অধিৱেশনৰ আহ্বান কৰিছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে টুইটাৰ (বৰ্তমান এক্স)যোগে ঘোষণা কৰা মতে, ১৮ৰ পৰা ২২ ছেপ্টেম্বৰলৈ সংসদৰ বিশেষ অধিৱেশন (১৭ নং লোকসভাৰ ১৩তম অধিৱেশন আৰু ৰাজ্যসভাৰ ২৬১ সংখ্যক অধিবেশন) আহ্বান কৰা হৈছে।
দেশৰ ৰাজধানীত অনুষ্ঠিত হ’বলগীয়া জি২০ সন্মিলনৰ ঠিক পিছতে মোদী চৰকাৰে আহ্বান কৰা এই বিশেষ অধিবেশনক লৈ এতিয়া আৰম্ভ হৈছে নানান জল্পনা কল্পনা। চৰ্চা চলিছে- 'এই অধিৱেশনতে মোদী চৰকাৰে আনিব পাৰে এক ৰাষ্ট্ৰ, এক নিৰ্বাচন’ বিধায়ক। চৰ্চা চলিছে- সময়ৰ পূৰ্বে মন্ত্ৰীসভা ভংগ কৰি ২০২৪ৰ নিৰ্ধাৰিত সময়ৰ পূৰ্বেই অনুষ্ঠিত কৰা হ’ব পাৰে লোকসভাৰ নিৰ্বাচন। অৱশ্যে কিন্তু সংসদৰ এই বিশেষ অধিৱেশনৰ কাৰ্যসূচী কি হ’ব সেই সন্দৰ্ভত আনুষ্ঠানিকভাৱে একো কোৱা হোৱা নাই।
কি এই এক ৰাষ্ট্ৰ, এক নিৰ্বাচন?
এক ৰাষ্ট্ৰ এক নিৰ্বাচন হৈছে সমগ্ৰ ভাৰতৰ লোকসভা (সংসদৰ নিম্ন সদন) আৰু সকলো ৰাজ্যিক বিধানসভাৰ বাবে একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ধাৰণা। উল্লেখ্য যে, ভাৰতত প্ৰতি বছৰে কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়। সমান্তৰালভাৱে প্ৰতি ৫ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় লোকসভাৰ নিৰ্বাচন। যাৰ বাবে পৃথক পৃথক সময়ত ভোটদান কৰিবলগীয়া হয় ভোটাৰে। এনে পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বাবে একেলগে ৫ বছৰত এবাৰেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ এক ধাৰণাই হৈছে এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ ধাৰণা।
পূৰ্বেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ পোষকতা কৰি আহিছে। বিভিন্ন জনসভাত তেওঁ এই বিষয়ে মন্তব্যও কৰিছে। প্ৰধানমন্ত্ৰীৰ যুক্তি- প্ৰতিবছৰে অনুষ্ঠিত হোৱা নিৰ্বাচনসমূহৰ বাবে বৃহৎ পৰিমাণৰ ধন আৰু সময় খৰছ কৰিবলগীয়া হয়। কিন্তু একেলগে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’লে ধন আৰু সময় দুয়োটাই ৰাহি হ’ব।
উল্লেখ্য যে, এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ ধাৰণা কাৰ্যকৰী কৰাৰ সম্ভাৱনা অন্বেষণ কৰিবলৈ ইতিমধ্যে চৰকাৰে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত এখন সমিতিও গঠন কৰিছে৷
এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ লাভ আৰু অসুবিধা
এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ সমৰ্থকসকলে দাবী কৰে যে ইয়াৰ দ্বাৰা দেশৰ বাবে কেইবাটাও লাভ হ’ব। তেওঁলোকে যুক্তি আগবঢ়ায় যে ইয়াৰ ফলত একাধিক নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে হোৱা ব্যয় হ্ৰাস পাব। উল্লেখ্য যে, চৰকাৰী প্ৰতিবেদন অনুসৰি ২০১৯ চনত অনুষ্ঠিত লোকসভা আৰু কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে ব্যয় হৈছিল প্ৰায় ৬০ হাজাৰ কোটি টকা। এনে পৰিপ্ৰেক্ষিতত ৫ বছৰত এবাৰেই নিৰ্বাচন অনুষ্ঠিত হ’লে নিৰ্বাচনী ব্যয় যথেষ্ট হ্ৰাস পাব বুলি দাবী কৰিব বিচাৰে একাংশ ৰাজনৈতিক বিশ্লেষকে।
অন্যহাতে নিৰ্বাচনৰ লগে লগে প্ৰযোজ্য হোৱা নিৰ্বাচনী আচৰণ বিধিৰ ফলত চৰকাৰৰ স্বাভাৱিক কাৰ্যকলাপতো প্ৰভাৱ পৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। নিৰ্বাচনী আচৰণ বিধিৰ ফলত কল্যাণকামী আঁচনি ৰূপায়ণতো বিলম্ব হোৱা পৰিলক্ষিত হয়। কিন্তু এক ৰাষ্ট্ৰ এক নিৰ্বাচন কাৰ্যকৰী হ’লে চৰকাৰসমূহে উন্নয়ণমুখী কামসমূহ ক্ষীপ্ৰ কৰি তুলিব পাৰিব বুলি সমৰ্থকসকলে দাবী কৰে।
বহুতে দাবী কৰা মতে, এক ৰাষ্ট্ৰ এক নিৰ্বাচন কাৰ্যকৰী হ’লে নিৰ্বাচনত ভোটদানৰ হাৰো অধিক বৃদ্ধি পাব, কিয়নো ভোটাৰসকলে একেলগে ভোটদান কৰাটো অধিক সুবিধাজনক হ’ব। দেশত বৰ্তমান বাৰে বাৰে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বাবে বহু ভোটাৰে কৰ্মক্ষেত্ৰৰ পৰা ভোটদান কৰিবলৈ অহাৰ সুযোগ লাভ নকৰে।
এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ আটাইতকৈ যোগাত্মক বিষয়টো হ’ব নেতা-মন্ত্ৰীৰ জনতাৰ চিন্তাত মনোনিৱেশ। বৰ্তমান সময়ত প্ৰতি বছৰে অনুষ্ঠিত হোৱা ভিন্ন ৰাজ্যৰ নিৰ্বাচনৰ বাবে শীৰ্ষ পৰ্যায়ৰ নেতা আৰু মন্ত্ৰীসকল এই নিৰ্বাচনৰ প্ৰচাৰৰ কামতে ব্যস্ত হৈ পৰা পৰিলক্ষিত হয়। যাৰ বাবে জনতাৰ উন্নয়নৰ কথা চিন্তা কৰাৰ বাবে তেওঁলোকৰ ওচৰত অৱকাশ নাথাকে। কিন্তু ৫ বছৰত এবাৰেই নিৰ্বাচন অনুষ্ঠিত হ’লে পৃথক পৃথক নিৰ্বাচনৰ বাবে তেওঁলোকৰ ব্যস্ততা হ্ৰাস পাব আৰু জনতাৰ হকে কামত মনোনিৱেশ কৰিবলৈ তেওঁলোক বাধ্য হৈ পৰিব বুলি বহু ৰাজনৈতিক বিশ্লেষকে দাবী কৰে।
কিন্তু এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ এনে বহু যোগাত্মক দিশৰ পিছতো ইয়াৰ সৈতে সংযুক্ত হৈ আছে কেইবাটাও ঋণাত্মক দিশো। এই ধাৰণাটোৰ সমালোচকসকলে আঙুলিয়াই দিয়ে যে ইয়াৰ বাবে লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ চৰ্তসমূহৰ সমন্বয়ৰ বাবে সাংবিধানিক সংশোধনীৰ প্ৰয়োজন হ’ব, যাৰ ফলত জনপ্ৰতিনিধিত্ব আইন আৰু অন্যান্য সংসদীয় পদ্ধতিতো পৰিৱৰ্তন হ’ব।
এই নিৰ্বাচনী ধাৰণাৰ দ্বাৰা ভাৰতৰ ফেডাৰেল গাঁথনি আৰু বৈচিত্ৰ্য ক্ষতিগ্ৰস্ত হ’ব বুলিও তেওঁলোকে সকীয়াই দিয়ে, কিয়নো ইয়াৰ ফলত ৰাষ্ট্ৰীয় দল আৰু এজেণ্ডাৰ সপক্ষে আঞ্চলিক বিষয় আৰু দলৰ গুৰুত্ব হ্ৰাস পাব পাৰে। তেওঁলোকে আশংকা কৰে যে ইয়াৰ ফলত ৰাজ্যসমূহৰ স্বায়ত্তশাসন আৰু পৰিচয় ক্ষয় হ’ব, আৰু কেন্দ্ৰীভূত আৰু সমজাতীয় ৰাজনীতিৰ সৃষ্টি হ’ব।
তদুপৰি তেওঁলোকে সমগ্ৰ দেশতে এনে বৃহৎ অনুশীলন চলোৱাৰ ক্ষেত্ৰত লজিষ্টিক অসুবিধাৰ ওপৰত আলোকপাত কৰে, কিয়নো ভাৰতৰ নিৰ্বাচন আয়োগে ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম), ভোটাৰ পৰীক্ষণযোগ্য কাগজৰ অডিট ট্ৰেইল মেচিন, ভোটগ্ৰহণ কৰ্মী, নিৰাপত্তা বাহিনী আৰু অন্যান্য আন্তঃগাঁথনিৰ পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰিব লাগিব। তদুপৰি তেওঁলোকে ভোটাৰ আৰু প্ৰাৰ্থীৰ গণতান্ত্ৰিক অধিকাৰক লৈ প্ৰশ্ন উত্থাপন কৰে, কিয়নো ইয়াৰ ফলত তেওঁলোকৰ পছন্দ আৰু সুযোগ সীমিত হ’ব পাৰে। তেওঁলোকৰ মতে ভোটাৰসকলে বিভিন্ন পৰ্যায়ত বিভিন্ন দলক ভোট দিব নোৱাৰিবও পাৰে, আনহাতে প্ৰাৰ্থীসকলে এটাতকৈ অধিক সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিবও পাৰে।
এক ৰাষ্ট্ৰ এক নিৰ্বাচনক লৈ বিৰোধীৰ প্ৰতিক্ৰিয়া
এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ ধাৰণাক লৈ বিৰোধী দলসমূহে সংশয় আৰু আপত্তি প্ৰকাশ কৰি আহিছে। ইয়াৰ সম্ভাৱনীয়তা, বাঞ্ছনীয়তা আৰু সাংবিধানিক বৈধতাক লৈও কংগ্ৰেছসহ অনেক বিৰোধী দলে উদ্বেগ প্ৰকাশ কৰিছে।
২৮টা দলৰে গঠিত বিৰোধী মিত্ৰজোঁট INDIAই কেন্দ্ৰৰ এক ৰাষ্ট্ৰ এক নিৰ্বাচন অনুষ্ঠিত কৰাৰ পদক্ষেপ ভাৰতৰ দৰে বৈচিত্ৰ্যপূৰ্ণ দেশত সেয়া সম্ভৱ নহয় বুলি মন্তব্য কৰে। বাতৰি অনুসৰি, কেন্দ্ৰীয় চৰকাৰে এক ৰাষ্ট্ৰ এক নিৰ্বাচন বিধেয়ক বিশেষ অধিৱেশনত আনিব পাৰে বুলি চৰ্চা চলাৰ মাজতে এই সন্দৰ্ভত আলোচনাৰ বাবে বৃহস্পতিবাৰে নিশা INDIAৰ কেইবাগৰাকীও নেতাই অনানুষ্ঠানিকভাৱে এক বৈঠকত মিলিত হয়।
কংগ্ৰেছে এক ৰাষ্ট্ৰ এক নিৰ্বাচনক লৈ অধিৱেশনত বিতৰ্ক কৰিবলৈ সাজু বুলি মন্তব্য কৰে। দেশৰ অন্যতম বিৰোধী দলটোৱে প্ৰধানমন্ত্ৰী মোদীৰ এই ধাৰণাৰ যুক্তি আৰু উদ্দেশ্যক লৈ প্ৰশ্ন উত্থাপন কৰিছে। আনহাতে বিজেপিয়ে অন্য মিত্ৰদলৰ পৰামৰ্শ নোলোৱাকৈ দেশত নিজৰ এজেণ্ডা জাপি দিবলৈ চেষ্টা কৰা বুলিও অভিযোগ উত্থাপন কৰিছে দলটোৱে।
এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ বিৰোধিতা কৰি তৃণমূল কংগ্ৰেছে ইয়াক গণতন্ত্ৰ বিৰোধী আৰু ফেডাৰেল বিৰোধী ধাৰণা বুলি অভিহিত কৰিছে। ৰাজ্যৰ অধিকাৰ আৰু স্বায়ত্তশাসনত কোনো ধৰণৰ হস্তক্ষেপ কৰিবলৈ দিয়া নহ’ব বুলি মন্তব্য কৰিছে দলটোৱে।
আম আদমী পাৰ্টিয়েও ভাৰতৰ ফেডাৰেল গাঁথনি আৰু বৈচিত্ৰ্য ধ্বংস কৰিব বুলি এক ৰাষ্ট্ৰ এক নিৰ্বাচনক নাকচ কৰিছে। এই বিষয়ত কোনো কমিটি বা আলোচনাত অংশ লোৱা নহ’ব বুলি স্পষ্ট কৰি দিয়ে আম আদমী পাৰ্টিয়ে।
হঠাৎ কিয় বিশেষ অধিৱেশনৰ আহ্বান মোদী চৰকাৰৰ?
চৰকাৰে নিজৰ কাৰ্যসূচী প্ৰকাশ নকৰাকৈয়ে ১৮ৰ পৰা ২২ ছেপ্টেম্বৰৰ ভিতৰত পাঁচ দিনৰ বাবে সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰিছে। ইয়াৰ ফলত ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মোডী চৰকাৰে বিবেচনা কৰি থকা কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।
বিশেষ অধিৱেশনৰ কাৰ্যসূচী সন্দৰ্ভত এতিয়ালৈকে চৰকাৰে মৌনতা অৱলম্বন কৰিছে যদিও সূত্ৰৰ উদ্ধৃতি দি ইংৰাজী কাকত ‘দ্য হিন্দু’ই প্ৰতিবেদনত উল্লেখ কৰিছে যে এই অধিবেশন জি-২০ সন্মিলন আৰু স্বাধীনতাৰ ৭৫ বৰ্ষপূতি উদযাপনৰ বাবে হ’ব পাৰে। এই বিশেষ অধিৱেশন চলিত বৰ্ষৰ মে’ মাহত উদ্বোধন হোৱা সংসদৰ নতুন ভৱনত অনুষ্ঠিত হ’ব পাৰে বুলিও প্ৰতিবেদনত কোৱা হৈছে।
উল্লেখ্য যে, অহা ৯-১০ ছেপ্টেম্বৰত দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনৰ ঠিক পিছতেই এই পাঁচদিনীয়া অধিৱেশনৰ আয়োজন কৰা হৈছে। ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি, এনে পৰিস্থিতিত এই বিশেষ অধিবেশন চৰকাৰে বিশ্বব্যাপী সন্মিলনৰ আয়োজনৰ পৰা আৰম্ভ কৰি চন্দ্ৰযান-৩ অভিযানৰ সফলতালৈকে বিভিন্ন ক্ষেত্ৰত নিজৰ সাফল্য গণনা কৰাৰ এক সুযোগ হ’ব।
ইণ্ডিয়ান এক্সপ্ৰেছে সূত্ৰৰ উদ্ধৃতি দি লিখিছে যে এই বিশেষ অধিবেশন ‘ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি’ৰ কথা মনত ৰাখিয়েই আহ্বান কৰা হৈছে। সূত্ৰটোৱে কয় যে এই সুযোগৰ জৰিয়তে দেশত নতুন যুগৰ সূচনা কৰা চৰকাৰৰ ভাৱমূৰ্তি শক্তিশালী কৰা হ’ব।একাংশ লোকে এই বিশেষ অধিবেশনখনো স্বাধীনতাৰ পঞ্চাশ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত ১৯৯৭ চনৰ ২৬ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰৰ ভিতৰত আহ্বান কৰা বিশেষ অধিবেশনখনৰ দৰেই হ’ব পাৰে বুলিও কয়।
ইয়াৰ উপৰিও সংসদৰ এই বিশেষ অধিবেশনে আগন্তুক পি-২০ শীৰ্ষ সন্মিলন (জি-২০ দেশৰ সংসদীয় অধ্যক্ষৰ বৈঠক)ৰ বাবেও ভেটি প্ৰস্তুত কৰিব। এই বৈঠক অক্টোবৰ মাহত নতুন দিল্লীত অনুষ্ঠিত হ’বলৈ গৈ আছে। ইতিমধ্যে ৩০খনতকৈও অধিক দেশৰ বক্তাই সন্মিলনত অংশগ্ৰহণ কৰাটো নিশ্চিত কৰিছে।
চৰকাৰে আনুষ্ঠানিকভাৱে এই বিশেষ অধিৱেশনত আলোচনা হ’বলগীয়া বিষয় সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিও বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই বিশেষ অধিৱেশনত মোদী চৰকাৰে কেইবাখনো বিধায়ক উত্থাপন কৰিব পাৰে। যাৰ ভিতৰত আছে- এক জাতি এক নিৰ্বাচন বিধেয়ক, ইউনিফৰ্ম চিভিল কোড বিধেয়ক, মহিলা সংৰক্ষণ বিধেয়ক আদি।
উল্লেখ্য যে, এই আটাইকেইখন বিধেয়কেই ২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপি আৰু প্ৰধানমন্ত্ৰী মোদীৰ বাবে নিৰ্বাচনী বিষয় আছিল। চৰকাৰে ১৮ ছেপ্টেম্বৰৰ পৰা আহ্বান কৰা ৫ দিনীয়া বিশেষ অধিৱেশনত সমগ্ৰ ভাৰতবৰ্ষত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰিব পৰাকৈ সংবিধান আৰু অন্যান্য আইন সংশোধনৰ বাবে এক ৰাষ্ট্ৰ এক নিৰ্বাচন বিধেয়ক উত্থাপন কৰিব পাৰে। বিধেয়কখনে লোকসভা আৰু ৰাজ্যিক বিধানসভা উভয়ৰে বাবে নিৰ্দিষ্ট কাৰ্যকালৰ প্ৰস্তাৱৰ লগতে অনাস্থা প্ৰস্তাৱ আৰু সদন ভংগৰ প্ৰস্তাৱো আগবঢ়াব পাৰে।
অন্যহাতে এই বিশেষ অধিৱেশনত ভাৰতৰ সকলো নাগৰিকৰ ধৰ্ম, জাতি, লিংগ বা অঞ্চল নিৰ্বিশেষে একেধৰণৰ নাগৰিক সংহিতা প্ৰণয়নৰ বাবে চৰকাৰে ইউনিফৰ্ম চিভিল কোড বিধেয়ক উত্থাপন কৰিব পাৰে। এই বিধেয়কখনৰ লক্ষ্য হ’ব পাৰে বিভিন্ন সম্প্ৰদায়ৰ ব্যক্তিগত আইনসমূহৰ ঠাইত বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ, তুলি লোৱা আৰু অন্যান্য বিষয়সমূহ নিয়ন্ত্ৰণ কৰা এক উমৈহতীয়া আইনসমূহৰ গোট।
তদুপৰি লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষণৰ বাবে চৰকাৰে বিশেষ অধিৱেশনত মহিলা সংৰক্ষণ বিধেয়ক উত্থাপন কৰিব পাৰে। ৰাজনৈতিক দল আৰু স্থানীয় সংস্থাসমূহত মহিলাৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থাও হ’ব পাৰে বিধেয়কখনত।
পূৰ্বে বিশেষ অধিৱেশনৰ আহ্বান
ইয়াৰ পূৰ্বে মোদী চৰকাৰে সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি) কাৰ্যকৰী কৰিবলৈ ২০১৭ চনৰ ৩০ জুনত সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰিছিল। ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি ইয়াৰ পূৰ্বে ২০১৫ চনৰ ২৬ নৱেম্বৰত বি আৰ আম্বেদকাৰক শ্ৰদ্ধাঞ্জলি জনাবলৈ চৰকাৰে বিশেষ অধিৱেশন আহ্বান কৰিছিল। সেই বছৰ দেশত আম্বেদকাৰৰ ১২৫ সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰা হৈছিল। সেই অধিৱেশনৰ পিছতে ২৬ নৱেম্বৰৰ দিনটো সংবিধান দিৱস হিচাপে ঘোষণা কৰা হয়।
২০০২ চনৰ আৰম্ভণিতে তেতিয়াৰ বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে ২৬ মাৰ্চত দুয়োখন সদনৰ যৌথ বৈঠকত সন্ত্ৰাসবাদ বিৰোধী বিধেয়কখন গৃহীত কৰিছিল, কিয়নো ৰাজ্যসভাত গৃহীত কৰিবলৈ শাসকীয় মিত্ৰজোঁটৰ সংখ্যাগৰিষ্ঠতা নাছিল। ১৯৯২ চনৰ ৯ আগষ্টত ‘ভাৰত ত্যাগ আন্দোলন’ৰ ৫০ বছৰীয়া জয়ন্তী উপলক্ষে মাজনিশা সংসদৰ অধিৱেশন আহ্বান কৰা হয়।
বিশেষ অধিৱেশন আহ্বানক লৈ বিৰোধীৰ প্ৰতিক্ৰিয়া
বিশেষ অধিৱেশনৰ আহ্বানক সমালোচনা কৰিছে বহু বিৰোধী নেতাই। বিৰোধী দলসমূহে দাবী কৰিছে যে মুম্বাইত চলি থকা ‘INDIA’ মিত্ৰজোঁটৰ বৈঠকৰ বাবেই পৰিকল্পতিভাৱে এই বিশেষ অধিৱেশনৰ আহ্বান কৰা হৈছে। দ্য ইণ্ডিয়ান এক্সপ্ৰেছে নিজৰ প্ৰতিবেদনত বিজেপিৰ এজন জ্যেষ্ঠ নেতাৰ উদ্ধৃতি দি কয় যে বিশেষ অধিৱেশনৰ কাৰ্যসূচী বিৰোধী দলসমূহৰ মাজতো বিতৰণ কৰা হ’ব পাৰে। বিজেপি নেতাগৰাকীয়ে কয় যে, "এয়া বিৰোধীক বিভাজিত কৰিব পৰা বিষয় হ'ব পাৰে। সম্ভৱ যে বহু ডাঙৰ দলে এই বিধেয়ক নাকচ কৰাৰ অৱস্থাত নাথাকিবও পাৰে।"
একে সময়তে কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতাই ‘দ্য হিন্দু’ক জনাইছে যে চৰকাৰে বিশেষ অধিৱেশন আহ্বান কৰি শীতকালীন অধিৱেশনৰ পৰা মুক্তি পাব বিচাৰিছে, যাতে আগন্তুক ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ লগতে সময়ৰ আগতেই লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিব পাৰে।
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে চৰকাৰৰ এই পদক্ষেপে দেখুৱাইছে যে চৰকাৰে অস্থিৰ হৈ পৰিছে। মুম্বাইত অনুষ্ঠিত সংবাদমেলৰ সময়ত তেওঁ কয় যে যেতিয়াই আদানীৰ গোচৰ উত্থাপন কৰে তেতিয়াই প্ৰধানমন্ত্ৰী অতি অস্বস্তিকৰ আৰু নাৰ্ভাছ হৈ পৰে। মহাৰাষ্ট্ৰৰ নেতাসকলেও এই বিশেষ অধিৱেশনৰ সময়ক লৈ প্ৰশ্ন উত্থাপন কৰিছে।
শিৱসেনাৰ (উদ্ধৱ থাকৰে ফৈদৰ) সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে অধিৱেশন ঘোষণা কৰাৰ লগে লগে টুইটযোগে লিখিছে, "গণেশ চতুৰ্থী উৎসৱৰ সময়ত এই বিশেষ অধিবেশনক আখ্যা দিয়াটো দুৰ্ভাগ্যজনক আৰু হিন্দু আৱেগৰ বিৰুদ্ধে। ইয়াৰ বাবে বাছি লোৱা তাৰিখত মই স্তম্ভিত হৈ পৰিছোঁ।"
একে সময়তে জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ সুপ্ৰিয়া চুলেয়ে বিশেষ অধিৱেশনৰ তাৰিখ সলনি কৰিবলৈ কয়। তেওঁ টুইট কৰি কয়, "আমি সকলোৱে অৰ্থপূৰ্ণ আলোচনা বিচাৰো। ইয়াৰ তাৰিখ গণপতি উৎসৱৰ সৈতে মিলি্ গৈছে। সেয়েহে কেন্দ্ৰীয় সংসদীয় মন্ত্ৰীক ইয়াৰ বিষয়ে বিবেচনা কৰিবলৈ অনুৰোধ জনোৱা হৈছে।"
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে সংসদৰ বিশেষ অধিৱেশনক বিক্ষিপ্ততা বুলি অভিহিত কৰি পুঁজিপতি গৌতম আদানীৰ নতুন প্ৰতিবেদনৰ সৈতে জড়িত কৰে। তেওঁ টুইট কৰি কয়, "মোডী শৈলীৰ বাতৰি পৰিচালনা। আজি মোদীৰ কেলেংকাৰীৰ নতুন তথ্য ওলোৱাৰ সময়ত সকলোতে খবৰ আছিল। কাইলৈ মুম্বাইত অনুষ্ঠিত হৈ থকা ভাৰত মিত্ৰজোঁটৰ দলসমূহৰ বৈঠকৰ খবৰ কভাৰ কৰা হ'ব। এইটো কেনেকৈ বন্ধ কৰিব? পাঁচ দিনলৈ সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰক, সেইটোও যেতিয়া তিনি সপ্তাহ আগতে বৰ্ষাকালীন অধিবেশন শেষ হৈছিল।"
উল্লেখ্য যে, ২০ জুলাইৰ পৰা আৰম্ভ হোৱা সংসদৰ অন্তিমখন বৰ্ষাকালীন অধিৱেশনখনৰ অন্ত পৰিছিল ১২ আগষ্টত। এই সময়ছোৱাত চৰকাৰে মুঠ ২৩খন বিধেয়ক গৃহীত কৰিছিল। এই অধিৱেশনত বিৰোধীয়ে মণিপুৰৰ হিংসা আৰু দিল্লীত বদলি-পোষ্টিং বিধেয়ক সন্দৰ্ভত চৰকাৰৰ বিৰোধিতা কৰে।