newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ চৰকাৰে শিশু, কন্যা, কিশোৰীক ধৰ্ষণ-যৌন নিৰ্যাতন চলোৱা লোকৰ বিৰুদ্ধে কঠোৰ আইন প্ৰনয়ন কৰি অপৰাধীক ফাঁচী দিয়াৰ ব্যৱস্থা কৰাৰ লগতে মৃত্যু পৰ্যন্ত কাৰবাসৰ ব্যৱস্থা কৰাৰ সময়তে দেশৰ প্ৰথমটো গোচৰত ফাঁচীৰ নিৰ্দেশ দিয়ে আদালতে৷ 

ইতিহাসত নজিৰ সৃষ্টি কৰি এখন আদালতে মাথো ২৩ দিনত এটি গোচৰ নিষ্পত্তি কৰি গোচৰৰ ৰায় প্ৰদান কৰি ফাঁচীৰ ৰায় দিয়ে৷ ৪ মাহৰ শিশুক অপহৰণ, ধৰ্ষণ আৰু হত্যাৰ গোচৰ ৰায় প্ৰদান কৰে মধ্যপ্ৰদেশৰ ইন্দোৰ জিলা আদালতে৷

৪ মাহৰ শিশুক অপহৰণ আৰু ধৰ্ষণ কৰি হত্যাৰ ঘটনাৰ ২৩ দিনত ৰায় প্ৰদান কৰি ফাঁচীৰ নিৰ্দেশ দিয়ে ইন্দোৰ আদালতে৷ যোৱা ২০ এপ্ৰিলত ইন্দোৰৰ ৰাজোৱাৰা এলেকাত এটি গৃহৰ পৰা পিতৃ-মাতৃৰ সৈতে শুই থকা অৱস্থাতে ৪ মাহৰ শিশুক অপহৰণ কৰে নবীন নামৰ সম্পৰ্কীয় লোক এজনে৷ 

তাৰ কিছু সময় পিছতে বিল্ডিঙত শিশুটোৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ হয়৷ অভিযোগৰ ভিত্তিত নবীন নামৰ লোকজনক আটক কৰা হয়৷ দোষ স্বীকাৰ কৰাৰ উপৰিও চিচিটিভি ফুটেজত ধৰা পৰে নবীনে৷ পক্সো আইনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ হয়৷ ২১ দিনত গোচৰ সমাপ্ত কৰে আদালতে৷ দোষী সাব্যস্ত কৰি নবীনৰ গোচৰৰ ৰায় প্ৰদান কৰি ফাঁচীৰ নিৰ্দেশ দিয়ে৷ প্ৰতিদিনে ৭ ঘণ্টাকৈ গোচৰৰ শুনানি অনুষ্ঠিত হৈছিল৷