newsnextone.com | ডিজিটেল ডেস্কঃ ৰমজান মাহ উপলক্ষে জম্মু আৰু কাশ্মীৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিৰ্দেশ জাৰি কৰিলেও কিন্তু এতিয়াও শান্ত হোৱা নাই জন্মু-কাশ্মীৰৰ বাতাবৰণ৷ কেতিয়াবা যদি সন্ত্ৰাসবাদে নাগৰিকসকলক ভিতীগ্ৰস্থ কৰিছে, কেতিয়াবা আকৌ পাক-ভাৰতৰ যুদ্ধই স্থৱিৰ কৰি তুলিছে জম্মু কাশ্মীৰৰ সাধাৰণ জীৱন৷ 

দেওবাৰে ভাৰতৰ বিএছএফ জোৱানক সংঘৰ্ষ বিৰতি উলংঘন নকৰিবলৈ কাতৰ আবেদন জনাইছিল শত্ৰু ৰাষ্ট্ৰ পাকিস্তানে৷ কিন্তু এই আবেদনৰ কিছু ঘন্টা পিছতেই সোমবাৰে গুলীচালনা আৰু গোলাবৰ্ষণ কৰি সংঘৰ্ষ বিৰত চুক্তি উলংঘন কৰে খোদ পাক সেনাই৷ সোমবাৰে পুৱাৰ ভাগতে জম্মুৰ আৰ্নিয়া আৰু ৰামগড় অঞ্চলত গুলীবৰ্ষণ কৰে পাকিস্তানে৷

বিএছএফৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, দেওবাৰে নিশা প্ৰায় ১০.৩০ বজাত জম্মু কাশ্মীৰৰ চাম্বা জিলাৰ ৰামগড় চেক্টৰৰ নাৰায়ণপুৰ অঞ্চলত থকা আন্তৰ্জাতিক সীমান্তত আগ্নেয়াস্ত্ৰৰ প্ৰয়োগেৰে পাকিস্তানী সেনাই প্ৰৰোচনাহীন ভাৱে গুলীচালনা কৰিবলৈ আৰম্ভ কৰে৷ ইয়াৰ লগতে পাকিস্তানী নিৰাপত্তাৰক্ষীয়ে বিএছএফ ছাউনী আৰু সীমান্তৱৰ্তী গাঁও সমূহলৈ লক্ষ্য কৰিও গুলী চলোৱাত বিএছএফ জোৱানে আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়ে৷ ফলত দুয়োখন ৰাষ্ট্ৰৰ নিৰাপত্তাৰক্ষীৰ মাজত পুনৰ সংঘৰ্ষ আৰম্ভ হয়৷

আনহাতে, সোমবাৰে পুৱাও জম্মুৰ আৰ্নিয়া চেক্টৰত পুনৰ গুলী বাৰুদেৰে আক্ৰমণ চলায় পাক সেনাই৷ পাক সেনাৰ প্ৰত্যুত্তৰ দি ভাৰতীয় জোৱানেও গুলীচালনা কৰে৷ ফলত দুয়ো পক্ষৰ ফলত তুমুল গুলীয়াগুলি আৰম্ভ হয়৷ আনহাতে এই আকস্মিক সংঘৰ্ষৰ বাবে আৰ্নিয়া চেক্টৰৰ ৫ কিঃমিটাৰৰ ভিতৰত থকা বিদ্যালয়সমূহ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়া হয়৷ অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱাৰ বাতৰি লাভ কৰা নাই৷ 

কিছুদিন পূৰ্বে ভাৰত-পাক সীমান্তত সংঘটিত হোৱা গুলিবৰ্ষণত দুগৰাকী ভাৰতীয় সেনা নিহত হয়৷ এই সংঘৰ্ষৰ ফলত জম্মুৰ সীমান্তৱৰ্তী এলেকাত কেইবাজনো নিৰীহ লোকৰো মৃত্যু ঘটে৷ 

আনহাতে ভাৰতীয় সেনাই প্ৰচাৰ কৰা এটি ১৯ চেকেণ্ডৰ ভিডিঅ’ ক্লিপত দেখিবলৈ পোৱা যায় যে কিদৰে পাক সেনা ছাউনী ধ্বংস কৰে ৷ এগৰাকী বিএছএফৰ মুখপাত্ৰই জনয়া যে পাকিস্তানক গুলীবৰ্ষণ বন্ধ ৰখাৰ বাবে আবেদন জনোৱা হৈছে যদিও পাকিস্তানে এতিয়াও ভাৰতীয় সেনাৰ ওপৰত আক্ৰমণ চলাবলৈ বন্ধ কৰা নাই৷