newsnextone.com | ডিজিটেল ডেস্কঃ শুকুৰবাৰে পাকিস্তানৰ নিৰ্বাচনী সভাত সংঘটিত বোমা বিস্ফোৰণত মৃতকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হ’বলৈ ধৰিছে৷ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত খবৰ মতে ১৩৩ জনলৈ বৃদ্ধি হৈছে মৃতকৰ সংখ্যা৷ বোমা বিস্ফোৰণ সংঘটিত হোৱাৰ পিছতে ৭৪ জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছিল শুকুৰবাৰে৷ 

যেন আকৌ এবাৰ ৰক্তাক্ত হ’ল পাকিস্তান৷ শুকুৰবাৰে নিৰ্বাচনী সভাৰ মাজত সংঘটিত কৰা দুটা বোমা বিস্ফোৰণত কমেও ৭৪ জন লোকৰ মৃত্যু হৈছিল যদিও মৃতকৰ সংখ্যা ১৩৩ জনলৈ বৃদ্ধি হৈছে৷ আহত হৈছে প্ৰায় ২০০গৰাকী লোক৷ এতিয়ালৈ কোনো সন্ত্ৰাসবাদীয়ে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই৷

বালুলিচিস্তান প্ৰদেশৰ মাচদুং জিলাৰ দাৰেণগৰত এখন নিৰ্বাচনী সভাত দুটাকৈ বিস্ফোৰণ ঘটনায় সন্ত্ৰসবাদীয়ে৷ বিস্ফোৰণত কম পক্ষেও ১৩৩গৰাকী লোকৰ মৃত্যু হয়৷ বিএপি দল প্ৰাৰ্থী চিৰাজ ৰাইচানিৰো মৃত্যু হয়৷ আহতসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰৈ হৈছে৷ এয়া আত্মাঘাটি বিস্ফোৰণ আছিল বুলি কয় আৰক্ষীয়ে৷ চিকিৎসালয় জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে৷ চিকিৎসালয়ত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ সভা চলি থকাৰ সময়তে দুটাকৈ বিস্ফোৰণ সংঘটিত হয়৷