ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ সন্ত্ৰাসবাদীক সহায় কৰি আহিছে পাকিস্তানে৷ এই কথা বাৰে বাৰে প্ৰমাণ হৈছে৷ এইবাৰ NIA দাবী কৰা মতে জম্মু কাশ্মীৰৰ হুৰিয়তৰ নেতাৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলিছে পাকিস্তান চৰকাৰে৷ NIA-এ আদালতত জমা দিয়া এখন চিঠিত এই কথা উল্লেখ কৰে৷

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলিছে হাৱালা কেলেংকাৰীৰ অভিযুক্ত ব্যৱসায়ী জাহুৰ আহমেদ শাশ ওৱাটালিয়ে৷ এই চিঠি খন উদ্ধাৰ হয় ব্যৱসায়ী জহুৰৰ ঘৰৰ পৰা৷ চিঠিত উল্লেখ থকা প্ৰধানমন্ত্ৰীগৰাকীৰ নাম NIA ৰাজহুৱা কাৰ নাই৷

জানিব পৰা মতে, ব্যৱসায়ী জাহুৰে প্ৰায় ৭ বছৰ পূৰ্বে পাক অধিকৃত কাশ্মীৰত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চোলতান মাহমুদৰ খুলশালিৰ বিয়াত লগ পাইছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফক৷

তাৰ পিছৰে পৰা বেআইনী ভাবে লাখ লাখ টকাৰ লেন-দেন হাৱালাৰ মাধ্যমেৰে হৈ আহিছে৷ ইমানে নহয় সন্ত্ৰাসবাদীক সহায় কৰা, হাৱালাৰে ব্যৱসায়, টকাৰ যোগান ধৰা, পাকিস্তান উচ্চ আয়ুক্তৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলা আদি কাম কৰি গৈছিল হুৰিয়ত নেতা ছৈয়দ আলি শ্বাহ গিলানীৰ জোৱাই আলতাফ আহমেদ শ্বাহে৷ ইমানে নহয় পাকিস্তানে সন্ত্ৰাসবাদীকো সমানে সমানে সহায় কৰি গৈছে।