ডিজিটেল ডেস্কঃ অশান্ত জম্মু-কাশ্মীৰত উদ্যোগ গঢ়িব বিচাৰে বাবা ৰামদেৱে। সেয়ে ভূ-স্বৰ্গত বিচাৰি ফুৰিছে মাটি। ৰামদেৱৰ দাবী, যোগশিক্ষা পালে কোনেও সন্ত্ৰাসৰ পথত ভৰি নিদিয়ে।

সন্ত্ৰাস আৰু বিক্ষোভ জৰ্জৰিত জম্মু-কাশ্মীৰত যোগাভ্যাসেৰে পৰিৱৰ্তন আনিব পাৰিব বুলিও দাবী কৰিছে ৰামদেৱে। 'যোগশিক্ষা লাভ কৰি মানুহ সন্ত্ৰাসবাদী হৈছে, এনে কোনো উদাহৰণ সমগ্ৰ বিশ্বতে নাই।’

কাশ্মীৰ উপত্যকাত হিংসাত্মক ঘটনা সন্দৰ্ভত প্ৰশ্ন কৰাত সোমবাৰে ৰামদেৱে উত্তৰত কয়, 'আমি বিশ্বাস কৰো যে, যিসকলে উপত্যকাত হিংসা বিয়পাইছে, সেইসকলে যোগশিক্ষা পালে মানসিকতাৰ পৰিৱৰ্তন হৈ পৰিব।’

ৰামদেৱে আৰু কয় যে, কাশ্মীৰত উদ্যোগ স্থাপনৰ বাবে ১৫০ একৰ ভূমিৰ সন্ধান কৰিছে পতঞ্জলি আয়ুৰ্বেদ লিমিটেডে। এই ভূমিত উদ্যোগ স্থাপন হ’লে স্থানীয় যুৱকসকলে কৰ্মসংস্থাপন লাভ কৰিব বুলিও জনাইছে যোগগুৰুগৰাকীয়ে।

একেটা অনুষ্ঠানতে তেওঁ পুনৰবাৰ দেশবাসীক চীনা সামগ্ৰ বৰ্জন কৰিবলৈকো আহ্বান জনায়। তেওঁ সকলো ক্ষেত্ৰতে ভাৰতে চীনৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰস্তু থাকিব লাগে বুলিও মন্তব্য আগবঢ়ায়।

তেওঁ কয়, 'আমি দেৱ-দেৱীৰ মূৰ্তিও চীনৰ পৰা আমদানি কৰিছো। ভাৰতীয় হিচাপে আমি চীনৰ সকলো সামগ্ৰী বৰ্জন কৰা উচিত। কিয়ন চীনে পাকিস্তানক সমৰ্থন জনাইছে।’

লগতে যোগগুৰুগৰাকীয়ে পাক অধিকৃত কাশ্মীৰ উদ্ধাৰৰ লগতে বেলুচিস্তানৰ স্বাধীনতা আন্দোলনত ভাৰতে সমৰ্থন আগবঢ়োৱা উচিত বুলি মন্তব্য কৰে।