newsnextone.com | ডিজিটেল ডেস্কঃ দিল্লীৰ এক আদালতে ২০১২ চনত প্ৰধানমন্ত্ৰীৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মূখত দুৰ্নীতি সম্বন্ধিত এক প্ৰতিবাদ কাৰ্যসূচীত অংশ লোৱা ভাৰতৰ ৭ গৰাকী স্বয়ংসেৱকক দোষমুক্ত বুলি ৰায় প্ৰদান কৰে৷ 

আদালতে কয় যে, দেশৰ নাগৰিকসকলৰ শান্তিপূৰ্বক আৰু অস্ত্ৰ প্ৰয়োগ নকৰাকৈ একত্ৰিত কৰাৰ মৌলিক অধিকাৰ৷ অতিৰিক্ত মেট্ৰো’ পলিটানৰ বিচাৰপতি সমৰ বিশালে অনিল কুমাৰ সিং, ৰঞ্জীত সিং বিটচ, কিশোৰ সিংঘাল, গৌতম কুমাৰ, মোহিত, জগদীশ আৰু জীতেন্দ্ৰ কুমাৰ নামৰ স্বয়ংসেৱক কেইগৰাকীক দোষমুক্ত বুলি ৰায় প্ৰদান কৰি সন্মান সহকাৰে মুক্তি দিয়ে৷ 

প্ৰতিবাদকাৰীক প্ৰতিৰোধ কৰিবলৈ যোৱা কোনো এগৰাকী আৰক্ষী আঘাতপ্ৰাপ্ত নহোৱাত আৰু কোনো ৰাজহুৱা সম্পত্তিৰ ক্ষতিসাধন নহোৱাত আদালতে প্ৰতিবাদ শান্তিপূৰ্ণ আছিল বুলি নিশ্চিত হয়৷ 

উল্লেখ্য যে, প্ৰতিবাদীসকলে হিংসাত্মক পৰিস্থিতি সৃষ্টি কৰা বুলি অভিযোগ কৰি আৰক্ষী বিষয়াই প্ৰতিবাদকাৰীসকলক খেদি পঠিয়াবলৈ দিয়া ধাৰা ১৪৪ ৰ নিৰ্দেশ মিছা বুলিও আদালত নিশ্চিত হয়৷ 

আদালতে কয়, ‘‘এয়া কোনো হিংসাত্মক ঘটনা নহয়৷ এটা সংগঠনৰ কৰ্মকৰ্তাই দুৰ্নীতিৰ বিৰুদ্ধে শান্তি পূৰ্ণ আৰু অস্ত্ৰবিহীন ভাৱে লোক একত্ৰিত কৰাৰ মৌলিক অধিকাৰ লাভ কৰে৷ কিয়নো প্ৰতিবাদৰ দিনটোত কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই৷’’

অভিযোগকাৰীৰ মতে, ২৬ আগষ্ট, ২০১২ত প্ৰতিবাদকাৰী স্বয়ংসেৱকসকলে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলীত অস্ত্ৰ লৈ আহিছিল আৰু প্ৰতিবাদ কাৰ্যৰ মাজতে হিংসাত্মক ঘটনা সংঘটিত কৰিছিল৷ আনহাতে প্ৰতিবাদৰ ফলত যাতায়ত সমস্যা দেখা দিছিল৷

কিন্তু আদালতত এই অভিযোগ মিছা বুলি প্ৰমাণিত হয়৷ প্ৰতিবাদীসকলৰ পৰা কোনো অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ নহোৱাত আৰু কোনো লোক বা সামগ্ৰীৰ ক্ষতিসাধনৰ তথ্য লাভ নকৰাত এই অভিযোগ ভিত্তিহীন বুলি প্ৰমাণিত হয়৷

আনহাতে, অভিযুক্ত প্ৰতিবাদকাৰী ৭জনে মুক্তি বিচাৰি কৰা আবেদনতো তেওঁ বিগত দুটা বছৰৰ প্ৰতিবাদী কাৰ্যসূচীত কোনো ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত নহোৱাৰ খাতিয়ান দাঙি ধৰে৷