ডিজিটেল ডেস্কঃ মহিলা সৱলীকৰণৰ দিশে দিনেক দিনে আগবাঢ়ি গৈ আছে চৌডি আৰব৷ কোনো দিশতেই যেন পিছপৰি ৰব খোজা নাই এইখন দেশে৷ দুদিন পুৰ্বে  ৰবটক নাগৰিকত্ব দি বিশ্বৰ প্ৰথম দেশ হিচাপে গৌৰৱ অৰ্জিছে৷  ৰবটক আগস্থান দিয়াৰ পিছত মহিলাক পিছত ৰাখে কেনেকৈ৷

এইবাৰ ললে আন এক ঐতিহাসিক সিদ্ধান্ত৷ স্পোৰ্ট ষ্টেডিয়ামত বহি খেল চাব পাৰিব মহিলাই। কিছুদিন পুৰ্বে মহিলাৰ গাড়ী চালােৱাৰ ওপৰত থকা নিষেধাজ্ঞা আতৰ কৰে। প্রিন্স মহম্মদ বিন ছলমানে আধুনিক চৌডি আৰবৰ যি প্রতিশ্রুতি দিছিল, সেই পথত আৰু এঢাপ আগুৱালে এই দেশখনে।

চৌডি আৰবত মহিলাৰ ওপৰত থকা বিধি-নিষেধবোৰ অত্যন্ত কাঢ়া। মহিলাৰ সম অধিকাৰৰ ক্ষেত্ৰত এতিয়াও বহু বছৰ পিছপৰি আছে দেশ খনৰ মহিলাসমাজ। পুৰুষ অভিভাৱক নহোৱাকৈ ৰাস্তাও পাৰ হ’ব নোৱাৰে দেশ খনৰ মহিলা। আনকি পঢ়াশুনা কৰোতেও প্রয়োজন পুৰুষ অভিভাৱকৰ অনুমতিৰ। চৌডিক আধুনিকতাৰ দিশে আগুৱাই নিয়া যাব বুলি কিছুদিন পুৰ্বে প্রতিশ্রুতি দিছিল মহম্মদ বিন ছলমনে। কথা ৰাখি এইবাৰ মহিলাৰ স্পোর্ট ষ্টেডিয়ামত সোমোৱাৰ অনুমতি প্ৰদান কৰে।