newsnextone.com | ডিজিটেল ডেস্কঃ কাৰাগাৰত আবদ্ধ জীৱন কটাই থকা মিডিয়া ব্যৱসায়ী পিটাৰ মুখাৰ্জীয়ে তেওঁৰ পত্নী ইন্দ্ৰাণী মুখাৰ্জীৰ সৈতে বিবাহ বিচ্ছেদ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে৷ ইন্দ্ৰাণী মুখাৰ্জীৰ অধিবক্তাই সোমবাৰে আদালতৰ বাহিৰত সংবাদিকক কয় যে দুয়ো পতি-পত্নী বৰ্তমান কাৰাগাৰত আবদ্ধ হৈ থকা বাবে বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হওতে কিছু সময়ক প্ৰয়োজন হ’ব৷

অধিবক্তাগৰাকীয়ে কয়, ‘পিটাৰৰ অধিবক্তাৰ পৰা আমি পঞ্জীকৃত ডাকযোগে বিবাহ বিচ্ছেদৰ উত্তৰ লাভ কৰিছো৷ দুয়োজনৰ সন্মতিক্ৰমে তেওঁলোকে বিবাহ বিচ্ছেদৰ বাবে ৰাজী হৈছে৷’

আনফালে পিটাক মুখাৰ্জীৰ এগৰাকী অধিবক্তাই কয় যে ইন্দ্ৰাণী মুখাৰ্জীৰ বিবাহ বিচ্ছেদৰ নটিছৰ প্ৰত্যুত্তৰ প্ৰেৰণ কৰা হৈছে আৰু বিবাহ বিচ্ছেদৰ চৰ্তত কাম কৰি থকা হৈছে৷

উল্লেখ্য যে, বায়কলা জেইলত বন্দী জীৱন কটাই থকা ইন্দ্ৰাণী মুখাৰ্জীয়ে যোৱা ২৫ এপ্ৰিলত পিটাৰ মুখাৰ্জীক ডাকযোগে বিবাহ বিচ্চেদৰ নটিছ প্ৰেৰণ কৰিছিল৷ নটিছত তেওঁৰ অধিবক্তাৰ জৰিয়তে কোৱা হৈছিল, ‘মোৰ মোক্কেলে কৈছে যে আপোনাৰ সৈতে তেওঁৰ বিবাহ এতিয়া অপ্ৰত্যাশিত ভাৱে ভাঙি গৈছে আৰু পুনৰ দুয়োৰে মাজত সুহৃদয়তা স্থাপন হোৱাটো অসম্ভৱ৷ আপুনিও এই বিষয়ে অৱগত৷’

নিজ কন্যা শ্বিনা বৰাক হত্যা কৰাৰ অভিযোগত ২০১৫ চনৰ আগষ্ট মাহত ইন্দ্ৰাণীক আৰক্ষীয়ে আটক কৰিছিল৷ ইয়াৰ কিছু মাহ পিছতেই আৰক্ষীয়ে পিটাৰ মুখাৰ্জীকো আটক কৰে৷ দুয়োজনে সদ্যহতে কাৰাৱাসৰ জীৱন কটাই শ্বিনা বৰা হত্যাকাণ্ডৰ গোচৰৰ সন্মুখীন হৈ আছে৷ উল্লেখ্য যে, শ্বিনা বৰা ইন্দ্ৰাণী মুখাৰ্জীৰ প্ৰথম স্বামীৰ কন্যা আছিল৷

ঘটনাৰ তদন্ত কৰি থকা আৰক্ষীৰ মন্তব্য অনুসৰি, ২০১২ চনৰ এপ্ৰিল মাহত ইন্দ্ৰাণী, প্ৰাক্তন স্বামী সঞ্জীৱ খত্ৰা আৰু ড্ৰাইভাৰ শ্যামৱৰ ৰায়ে পিটাৰৰ সৈতে ষড়যন্ত্ৰ ৰচনা কৰি শ্বিনা বৰাক অপহৰণ কৰে আৰু পিছত হত্যা কৰে৷ ৰায়গঢ় জিলাৰ শ্বিনাৰ মৃতদেহ পেলাই দিয়া হৈছিল৷ ২০১৫ চনৰ আগষ্ট মাহত এই নৃশংস হত্যাকাণ্ডটোৰ বিষয়ে পোহৰলৈ আহে৷