খাৰুপেটীয়াঃ আগন্তুক পঞ্চায়ত নিৰ্বাচন অকলেই খেলিব অগপই। অগপৰ দখলত থকা সমষ্টিসমূহ বিজেপিয়ে দখল কৰিবলৈ চলোৱা প্ৰচেষ্টা প্ৰতিহত কৰিবলৈ অগপ দলেও মনে মনে বহি থকা নাই৷ পঞ্চায়তসমূহ নিজৰ দখললৈ আনিবলৈ ব্যাপক তৎপৰ হৈ পৰিছে অগপৰ শীৰ্ষ নেতৃবৃন্দ।

এই নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে আজি খাৰুপেটীয়াৰ অসম ক্লাবত অনুষ্ঠিত এক দলীয় কৰ্মীসভাত অগপ দলৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বৰ্তমান ৰাজ্য তথা সৰ্বভাৰতীয় পৰ্যায়ত দেখা দিয়া অশান্তি আৰু হিংসা-বিদ্বেষৰ কথা উল্লেখ কৰি কয় যে হিন্দু বাংলাদেশী বিধেয়কখন গৃহীত হ’লে অসমৰ ভাষা আৰু সভ্যতা-সংস্কৃতিৰো বিলুপ্তি ঘটিব।

গতিকে যিকোনো মূল্যৰ বিনিময়ত অসমৰ ৰাইজে অসমীয়াৰ অস্তিত্ব বিলুপ্ত হ’বলৈ নিদিয়ে। ভাষণত মহন্তই আৰু কয় যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সৰকাৰেও হিন্দু বাংলাদেশী বিধেয়খনৰ বিৰোধিতা কৰি যদি বাঙালী বিদ্বেষী নহ’ল তেনেস্থলত প্ৰফুল্ল মহন্তই বিধেয়কখনৰ বিৰোধিতা কৰি কেনেকৈ বাঙালী বিদ্বেষী হ'ল বুলি প্ৰশ্ন উত্থাপন কৰে।

অগপৰ দৰং জিলাৰ সভাপতি কমলেশ্বৰ বৰুৱাৰ সভাপতিত্ব অনুষ্ঠিত সভাখনত পাঁচ শতাধিক দলীয় কৰ্মীৰ উপস্থিতিত মহন্তই কয়, অগপৰ দহ বছৰীয়া শাসন কালত হিন্দু-মুছলমানৰ মাজত শান্তি-সম্প্ৰীতিয়ে বিৰাজ কৰিছিল। হিন্দু ,মুছলিম, শিখ আপোচমে ভায় ভাই শীৰ্ষক বাক্যফাকি আওৰাই মহন্তই কয় যে যিকোনো মূল্যৰ বিনিময়ত অসমবাসীয়ে পূৰ্বৰ সম্প্ৰীতি ওভতাই আনিবই লাগিব। অনুষ্ঠানটিৰ আঁত ধৰে ৰফিকুল ইছলামে।