বিশেষ প্ৰতিবেদনঃ মণিপুৰত মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত যোৱা প্ৰায় আঢ়ৈ মাহ ধৰি হৈ থকা হিংসাত্মক ঘটনাৰ মাজতে বুধবাৰে পোহৰলৈ আহে মণিপুৰৰ দুগৰাকী মহিলাৰ ওপৰত সংঘটিত যৌন নিৰ্যাতনৰ এটি ভয়াৱহ ভিডিঅ’।
বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত দিয়া বক্তব্যত মণিপুৰ ঘটনাৰ কথা উল্লেখ কৰি তেওঁৰ হৃদয় দুখেৰে ভৰি পৰিছে বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই ঘটনাই দেশৰ সন্মান লাঘৱ কৰিছে আৰু ইয়াৰ দোষীসকলক সাৰি যাবলৈ দিয়া নহ’ব। এয়া হৈছে মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমটো প্ৰতিক্ৰিয়া। উল্লেখ্য যে, বিৰোধীয়ে আৰম্ভণিৰে পৰা মণিপুৰক লৈ প্ৰধানমন্ত্ৰীয়ে অৱলম্বন কৰি অহা নীৰৱতাক লৈ প্ৰশ্ন উত্থাপন কৰি আহিছিল।
মণিপুৰ আৰক্ষীয়ে উক্ত ভিডিঅ’ৰ সত্যাসত্য নিৰূপণ কৰি কয় যে যোৱা ৪ মে’ত ভুক্তভোগী মহিলাকেইগৰাকী থৌবাল জিলাত এই ভয়ানক ঘটনাৰ সন্মুখীন হৈছিল। 'এই ঘটনাটো যোৱা ৪ মে’ত সংঘটিত হৈছিল। ঘটনা সন্দৰ্ভত অজ্ঞাত লোকৰ বিৰুদ্ধে অপহৰণ, দলৱদ্ধ ধৰ্ষণ আৰু হত্যাৰ গোচৰ ৰুজু কৰা হৈছে। ইতিমধ্যে তদন্ত আৰম্ভ হৈছে। আৰক্ষীয়ে অপৰাধীক কৰায়ত্ব কৰিবলৈ পূৰ্ণ মাত্ৰাই চেষ্টা অব্যাহত ৰাখিছে।’-এইদৰে কয় মণিপুৰ আৰক্ষীয়ে।
ইফালে, মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিঙে কয় যে তেওঁ অপৰাধীক মৃত্যুদণ্ডৰে দণ্ডিত কৰিবলৈ চেষ্টা চলাই যাব। ঘটনা সন্দৰ্ভত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
ভিডিঅ’ পোহৰলৈ অহাৰ পিছতে কেন্দ্ৰ চৰকাৰৰ মন্ত্ৰীসকলৰ লগতে বিৰোধী দলৰ নেতাসকলেও বিষয়টোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কংগ্ৰেছসহ আন বিৰোধী দলবোৰে ঘটনাটোক লৈ শাসনাধিষ্ঠিত বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। বৃহস্পতিবাৰে সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে মণিপুৰ প্ৰসংগক লৈ উত্তপ্ত হৈ পৰে সদন। ফলত কাইলৈকে স্থগিত ৰখা হয় উভয় সদন।
ঘটনা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী স্মৃতি ইৰাণীয়ে টুইটত লিখিছে যে তেওঁ এই লৈ মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিঙৰ সৈতে আলোচনা কৰিছে আৰু দোষীক কৰায়ত্ব কৰিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত আছে।
এজাহাৰত কি আছে?
ইংৰাজী দৈনিক 'ইণ্ডিয়ান এক্সপ্ৰেছ’ত প্ৰকাশিত বাতৰি অনুযায়ী কুকি-জেমি সম্প্ৰদায়ৰ এই মহিলাকেইগৰাকীক ৪ মে’ত মেইটেই অধ্যুষিত থৌবাল জিলাত যৌন নিৰ্যাতন চলোৱা হৈছিল। ঘটনাটোক লৈ কাংপক’পি জিলাৰ এখন আৰক্ষী থানাত যোৱা ১৮ মে’ত এজাহাৰ দাখিল কৰা হৈছিল। ইয়াৰ পিছত গোচৰটো সংশ্লিষ্ট আৰক্ষী থানালৈ প্ৰেৰণ কৰা হয়।
মণিপুৰ আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়া এছপি মেঘচন্দ্ৰ সিঙে এই ঘটনাক লৈ প্ৰেছ বিবৃতি জাৰি কৰি আৰক্ষীয়ে অপৰাধীক কৰায়ত্ব কৰিবলৈ চেষ্টা চলাই আছে বুলি দাবী কৰে। উল্লেখ্য যে, ভিডিঅ’টোত দেখিবলৈ পোৱা এগৰাকী মহিলাৰ বয়, প্ৰায় ২০ বছৰ আৰু আনগৰাকী মহিলাৰ বয়স ৪০ বছৰ। এজাহাৰত মহিলাকেইগৰাকীয়ে উল্লেখ কৰা অনুযায়ী ভিডিঅ’ত দুগৰাকী মহিলাহে আছে যদিও উত্তেজিত লোকসকলে সেই দিনা এগৰাকী ৫০ বছৰ বয়সীয়া মহিলাকো কাপোৰ খুলিবলৈ বাধ্য কৰিছিল।
এগৰাকী কম বয়সীয়া যুৱতীক দিন-দুপৰতে দলৱদ্ধ বলাৎকাৰ কৰা হৈছে বুলিও এজাহাৰত উল্লেখ কৰা হৈছে। ভুক্তভোগীয়ে জনোৱা মতে, ৩ মে’ত অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত ৮০০ৰ পৰা ১০০০ লোকৰ এটা দলে থৌবাল জিলাস্থিত তেওঁলোকৰ গাঁৱত আক্ৰমণ চলাইছিল আৰু লুট-পাত কৰাৰ লগতে ঘৰবোৰত অগ্নিসংযোগো কৰিছিল।
এনে পৰিস্থিতিত প্ৰাণৰ মমতাত দুগৰাকী মহিলা আৰু এগৰাকী যুৱতীয়ে পিতৃ আৰু ভাতৃৰ সৈতে জংঘলৰ দিশে দৌৰি পলাবলৈ চেষ্টা চলাইছিল। এজাহাৰত উল্লেখ কৰা মতে, আৰক্ষীয়ে তেওঁলোকক বচাবলৈ সমৰ্থ হৈছিল। আৰক্ষীয়ে তেওঁলোকক থানালৈ লৈ গৈ থকা সময়তে থানা পোৱাৰ ২ কিলোমিটাৰ পূৰ্বেই উত্তেজিত লোকৰ ভিৰ এটাই বাট আগচি ধৰে।
ইয়াৰ পিছত সেই উত্তেজিত লোকসকলে আৰক্ষীৰ পৰা মহিলাকেইগৰাকীক টানি লৈ যায় আৰু যুৱতীগৰাকীৰ পিতৃক ঘটনাস্থলীতে হত্যা কৰে। এজাহাৰ অনুযায়ী মহিলা ৩ গৰাকীক উত্তেজিত লোকসকলে উলংগ হৈ ঘূৰিবলৈ বাধ্য কৰাইছিল আৰু যুৱতীগৰাকীক সকলোৰে সমুখতে দলৱদ্ধ ধৰ্ষণ কৰা হৈছিল। যুৱতীগৰাকীৰ ১৯ বৰ্ষীয় ভাতৃয়ে বচাবলৈ চেষ্টা কৰোতে উত্তেজিত লোকসকলে তেওঁক হত্যা কৰা বুলিও এজাহাৰত উল্লেখ কৰা হৈছে।
৫ জিলাত অনিৰ্দিষ্টকালীন সান্ধ্যা আইন
ইণ্ডোজিনিয়াছ ট্ৰাইবেল লীডাৰ্ছ ফ’ৰামে এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে যৌন নিৰ্যাতন চলোৱাসকলে ভুক্তভোগীৰ পৰিচয় পোহৰলৈ আহিব পৰা ভিডিঅ’ ৰাজহুৱা কৰি ভুক্তভোগীৰ ওপৰত সংঘটিত অত্যাচাৰৰ মাত্ৰা আৰু বৃদ্ধি কৰিছে।
আনহাতে, ৰাজ্যখনৰ কেবাটাও মহিলা সংগঠনৰ তৰফৰ পৰা প্ৰতিবাদী সমদল উলিওৱাৰ কথা ঘোষণা কৰাৰ পিছতেই ৰাজ্য চৰকাৰে ৫খন জিলাত অনিৰ্দিষ্টকালীন সান্ধ্যা আইন জাৰি কৰাৰ কথা ঘোষণা কৰে। এই জিলাকেইখন হৈছে ইম্ফল পূব, ইম্ফল পশ্চিম, বিষ্ণুপুৰ, কাকছিং আৰু থৌবাল।
সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে মণিপুৰৰ শেহতীয়া স্থিতিলৈ চাই চিআৰপিএফে নাগালেণ্ড আৰু অসমৰ পৰা দুগৰাকী শীৰ্ষ বিষয়াক মণিপুৰলৈ প্ৰেৰণ কৰিছে। ইয়াৰ লগতে মণিপুৰ কাংপক’পি আৰু জিৰবাম জিলাত দুটা কাৰ্যালয় স্থাপনৰো সিদ্ধান্ত গ্ৰহণ কৰিছে। পূৰ্বৰে পৰা ইম্ফলত চিআৰপিএফৰ এটি মুখ্য কাৰ্যালয় আছে যদিও পৰিস্থিতিৰ অধিক অৱনতি ঘটালৈ চাই এই সিদ্ধান্ত লৈছে অৰ্ধসামৰিক বাহিনীটোৰ উৰ্ধতন কৰ্তৃপক্ষই। উল্লেখ্য যে, বৰ্তমান মণিপুৰত স্থানীয় আৰক্ষীৰ লগতে চিআৰপিএফৰ ১২৪ টা কোম্পানী আৰু সেনাৰ ১৮৪টা গোটে বাহৰ পাতি আছে।
চৰকাৰী সূত্ৰই সদৰী কৰা তথ্য অনুযায়ী যোৱা ৩ মে’ৰ পৰা মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত আৰম্ভ হোৱা হিংসাত্মক ঘটনাত এইপৰ্যন্ত ১৪২জন লোকে প্ৰাণ হেৰুৱাইছে। এই হিংসাত্মক ঘটনাত ৬০,০০০ ৰো অধিক লোক গৃহহাৰা হৈ পৰিছে।
ৰাজ্য চৰকাৰে জনোৱা মতে, এই সময়ছোৱাত অতিকমেও ৫০০০ আগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছে। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰা এক প্ৰতিবেদনত মণিপুৰ চৰকাৰে কৈছে যে হিংসাৰ সৈতে সম্পৰ্কিত ৫,৯৯৫টা গোচৰ ৰুজু কৰা হৈছে আৰু ৬৭৪৫ জন লোকক কৰায়ত্ত কৰা হৈছে।
কঠোৰ সৰ্বোচ্চ ন্যায়ালয়
ঘটনাটোক লৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ো উদ্বিগ্ন হৈ পৰা দেখা গৈছে। সৰ্বোচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ গোচৰ হাতত লৈ অহা ২৮ জুলাইত শুনানিৰ দিন ধাৰ্য কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ে
মুখ্য ন্যায়াধীশৰ আদালতে কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰ এই সন্দৰ্ভত কি পদক্ষেপ হাতত লৈছে সেয়া ২৮ জুলাইৰ পূৰ্বে আদালতক অৱগত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। 'চৰকাৰে বিষয়টোক গুৰুত্বসহকাৰে লৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা উচিত। এয়া সম্পূৰ্ণৰূপে অগ্ৰহণযোগ্য। এই ঘটনাটো অতি ভয়াৱহ ঘটনা আৰু ইয়াক কোনোপধ্যেই মানি ল’ব পৰা নাযায়। এয়া সংবিধান আৰু মানৱাধিকাৰ উলংঘনৰ ঘটনা।’- বিষয়টোক গুৰুত্বসহকাৰে লৈ এইদৰে কয় মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ে।
মুখ্য ন্যায়াধীশগৰাকীয়ে এনে ঘটনা যাতে পুনৰ ঘটিব নোৱাৰে সেয়া সুনিশ্চিত কৰিবলৈকো কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰকে সষ্টম হৈ থাকিবলৈকো নিৰ্দেশ প্ৰদান কৰে। ভিডিঅ’টো মে’ মাহৰ হ’লেও এতিয়া তাক লৈ নীৰৱ হৈ থকাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে বুলিও সৰ্বোচ্চ আদালতে স্পষ্ট কৰি দিয়ে।
প্ৰধানমন্ত্ৰীৰ মন্তব্যক লৈ বিতৰ্ক!
মণিপুৰ কাণ্ডক লৈ যোৱা আঢ়ৈ মাহ ধৰি মৌন হৈ থকাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ৮ মিনিট ২৫ ছেকেণ্ডৰ এক বক্তব্যত উক্ত প্ৰসংগ উল্লেখ কৰাৰ পিছতে তাক লৈ পুনৰ বিতৰ্কৰ সূত্ৰপাত হোৱা পৰিলক্ষিত হৈছে। প্ৰায় ৮ মিনিটৰ বক্তব্যত মণিপুৰৰ কথা মাত্ৰ কেইছেকেণ্ডমানৰ বাবেহে কৈছে বুলি দাবী কৰি প্ৰধানমন্ত্ৰী মোদীক উভতি ধৰিছে বিৰোধী নেতাসকলে। একেদৰে মণিপুৰৰ কথা ক’বলৈ গৈ ৰাজস্থান আৰু চত্তীশগড়ৰ কথা উল্লেখ কৰাক লৈয়ো ক্ষুব্ধ হৈ পৰিছে ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰী।
'মণিপুৰৰ ঘটনাৰ ফলত মোৰ হৃদয় দুখেৰে ভৰি পৰিছে। এই ঘটনা লজ্জানত কৰা ঘটনা। পাপ কৰাসকল কেইজন আছে, কোন কোন হয় সেয়া বিচাৰ্য নহয়, কথা হ’ল এই ঘটনাই দেশক লজ্জিত কৰিছে। ১৪০ কোটি ভাৰতীয়ই আজি লজ্জিত হ’বলগীয়া হৈছে।’- দীৰ্ঘদিনীয়া নীৰৱতা ভংগ কৰি মোদীয়ে কয়।
মোদীয়ে আৰু কয়, 'মই মুখ্যমন্ত্ৰীসকলক আহ্বান জনাইছো যাতে আই-ভগ্নীসকলৰ সুৰক্ষাৰ বাবে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰে। ঘটনা ৰাজস্থান, ছত্তীশগড়, মণিপুৰ য’ৰেই নহওক কিয়, চৰকাৰ যি দলৰেই নাথাকক কিয়, নাৰীৰ সন্মান ৰক্ষাৰ বাবে ৰাজনীতিৰ উৰ্ধত কাম কৰিব লাগিব। মই দেশবাসীক আশ্বাস দিব বিচাৰো যে কাকোৱেই ৰেহাই দিয়া নহ’ব। মণিপুৰৰ কন্যাসকলৰ সৈতে যি হ’ল তাক কোনো কাৰণতেই ক্ষমা কৰা নহ’ব।’
প্ৰধানমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছ শাসিত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'প্ৰধানমন্ত্ৰীয়ে নিজৰ ব্যৰ্থতা ঢাকিবলৈ ছত্তীশগড় আৰু ৰাজস্থানৰ কথা উদ্দেশ্যপ্ৰণোদিতভাৱে উল্লেখ কৰিছে। মণিপুৰৰ ঘটনাটো সম্পূৰ্ণ সুকীয়া ঘটনা। প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ বিষয়ে কোৱা উচিত। তাৰ লগত ৰাজস্থান আৰু ছত্তীশগড়ৰ নাম সাঙোৰাৰ উদ্দেশ্যেই বা কি? এগৰাকী প্ৰধানমন্ত্ৰীয়ে এনেকৈ আমাৰ ৰাজ্যখনক বদনাম কৰিবলৈ চেষ্টা চলোৱাতো দুৰ্ভাগ্যজনক।’
'প্ৰথমে ৰাজস্থান আৰু ছত্তীশগড়ৰ নাম লৈছে। তাৰ পিছতহে মণিপুৰৰ কথা কৈছে। এই লৈ ইমানদিনৰ মূৰত সংবাদ মাধ্যমৰ মুখ খুলিছে আৰু আহিয়েই মিছা কথা কৈছে। এনে মিছা কথা কোৱা বন্ধ কৰক প্ৰধানমন্ত্ৰী ডাঙৰীয়া। আপোনাৰ যিটো দায়িত্ব সেয়া ভালকৈ পালন কৰক।’-বাঘেলে কয়।
মণিপুৰৰ ঘটনাক লৈ উত্তাল সদন
মণিপুৰত সংঘটিত হিংসাত্মক ঘটনা আৰু ৰাজ্যখনৰ দুগৰাকী মহিলাক যৌন নিৰ্যাতন চলোৱা ভিডিঅ’ পোহৰলৈ অহা প্ৰসংগক লৈ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাই উত্তাল হৈ পৰে উভয় সদন। ফলত শুকুৰবাৰলৈকে স্থগিত ৰখা হয় উভয় সদন।
আজি অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে বিৰোধীয়ে মণিপুৰ প্ৰসংগক লৈ মোদী চৰকাৰৰ প্ৰতি আক্ৰমণাত্মক হৈ পৰে। কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেই কয়, 'মণিপুৰ জ্বলি আছে, মহিলাৰ ওপৰত ধৰ্ষণ চলি আছে, বিনা বস্ত্ৰই মহিলা-যুৱতীক ঘূৰাই ফুৰোৱা হৈছে আৰু প্ৰধানমন্ত্ৰীয়ে নীৰৱে বহি আছে আৰু বাহিৰত ভাষণ দি ফুৰিছে।’
তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ’ব্ৰেইনেও মণিপুৰ প্ৰসংগক লৈ প্ৰধানমন্ত্ৰীক জবাবদিহি কৰে। এনেদৰে তীব্ৰ হুলস্থূলৰ পিছত ২১ জুলাইৰ ১১ বজালৈকে সংসদ স্থগিত ৰখা হয়।
সংসদী পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে পৰিস্থিতিলৈ চাই সদনত কয়, 'আমি স্পষ্ট কৰি দিছো যে উভয় সদনতে মণিপুৰক লৈ বিতৰ্ক কৰিবলৈ সাজু আছো। মণিপুৰ বিষয়টো অতি স্পৰ্শকাতৰ। গৃহমন্ত্ৰীয়ে বিতৰ্কৰ মাজত বিস্তৃত উত্তৰ দিব। এই সন্দৰ্ভত বিতৰ্কৰ বাবে অধ্যক্ষক তাৰিখ ঠিৰাং কৰিবলৈ দিয়া উচিত।’
ভিডিঅ’ ডিলিট কৰিবলৈ টুইটাৰ-ফেচবুকক নিৰ্দেশ কেন্দ্ৰৰ
মণিপুৰত সংঘটিত শিহৰণকাৰী ঘটনাৰ ভিডিঅ’ পোহৰলৈ অহাৰ পিছতে উক্ত ভিডিঅ’ আৰু ফটো ডিলিট কৰিবলৈ টুইটাৰ, ফেচবুককে ধৰি ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহক নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰই। এএনআইত প্ৰকাশিত বাতৰি অনুযায়ী কেন্দ্ৰ চৰকাৰৰ তথ্য-সম্প্ৰচাৰ মন্ত্ৰণালয়ে ইতিমধ্যে সংশ্লিষ্ট ছ’চিয়েল মিডিয়া কোম্পানীসমূহৰ ভাৰতত থকা মুখ্য কাৰ্যালয়লৈ এই নিৰ্দেশ প্ৰেৰণ কৰিছে। উল্লেখ্য যে ছ’চিয়েল মিডিয়াত ঘটনাটোৰ ভিডিঅ’ আৰু ফটো ভাইৰেল হৈ পৰাৰ পিছতে দেশজুৰি ব্যাপক সমালোচনাৰ সন্মুখীন হ’বলগীয়াত পৰিছে মোদী চৰকাৰ।