ডিজিটেল ডেস্কঃ গৰুৰ বাবে এম্বুলেঞ্চ প্ৰৱৰ্তন কৰা ৰাজ্যত শ্বাসৰুদ্ধ হৈ হাস্পতালৰ বিছনাত কৰুণ মৃত্যু ঘটিল তিনি কুৰি  শিশুৰ।

উত্তৰ প্ৰদেশৰ এই মৰ্মান্তিক ঘটনাৰ পিছতহে সম্বিত ঘূৰাই পাইছে যোগী আদিত্যনাথে। হৃদয়বিদাৰক পৰিস্থিতিত শিশুৰ মৃত্যুৰ পিছতহে ব্যৱস্থা গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীজনে।

প্ৰাপ্ত তথ্য অনুসৰি উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ বাবা ৰাঘৱ দাস মেডিকেল কলেজ হাস্পতালৰ ঘটনাৰ পোনপটীয়া পৰ্যৱেক্ষণ কিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

অক্সিজেনৰ অভাৱত ৫ দিনৰ ভিতৰত ৬০ কণমানিৰ কৰুণ মৃত্যৰ পিছত তেওঁ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে আদিত্যনাথক।

এই নিৰ্দেশৰ পিছতে হাস্পতালখনৰ অধ্যক্ষক বৰ্খাস্ত কৰিছে আদিত্যনাথে। অক্সিজেন চিলিণ্ডাৰৰ নাটনিৰ জোৰা মাৰিবলৈ এতিয়াহে সময় পাইছে উত্তৰ প্ৰদেশৰ চৰকাৰে।