ANI

Newsnextone | ডিজিটেল ডেস্কঃ শনিবাৰে এদিনীয়া ভ্ৰমণসূচীৰে কাশ্মীৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷ কাশ্মীৰত প্রধানমন্ত্ৰী মোডীয়ে লাডাখ আৰু দেশৰ কেইবাটাও অংশ সংযোগ কৰা জোজিলা সুৰংগৰ আধাৰশিলা উন্মোচন কৰিব৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে কাশ্মীৰত উপস্থিত হৈয়ে লদাখী অধ্যাত্মিক নেতা কুশাক বাকুলাৰ শতবাৰ্ষিকী সমাৰোহত অংশগ্ৰহণ কৰে৷ 

আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৩৩০ মেগাৱাট সম্পন্ন  কিশানগংগা বিদ্যুত আঁচনি খনৰো উদ্ধোধন কৰিব৷ এই আঁচনিখনৰ উন্নয়নৰ দায়িত্ব গ্ৰহণ কৰিছিল খোদ প্রধানমন্ত্ৰীৰ কাৰ্যালয়ে৷ শ্ৰীনগৰ চহৰৰ ডাল হ্ৰদত অৱস্থিত চেৰ-এ-কাশ্মীৰ কনভেচনেল চেন্টাৰৰ পৰা আঁচনিখনৰ উদ্ধোধন কৰা হ’ব৷

উল্লেখ্য যে, প্ৰধানমন্ত্ৰীয়ে শনিবাৰে আধাৰশিলা স্থাপন কৰিবলগীয়া জোজিলা সুৰংগটোৰ দৈৰ্ঘ হ’ব ১৪ কিঃমিঃ৷ এই সুৰংগটো ভাৰতৰ আটাইতকৈ দীঘল পথ সুৰংগ আৰু এছিয়াৰ ভিতৰত আটাইতকৈ দীঘল দুমুখীয়া সুৰংগ হ’ব৷ এই সুৰংগটো নিৰ্মাণৰ বাবদ ধাৰ্য্য কৰা ব্যয়ৰ পৰিমাণ হৈছে ৬,৮০০ কোটি টকা৷

আনফালে, শ্ৰীনগৰত ৩৩০ মেগাৱাট সম্পন্ন কিশানগংগা বিজুলি যোগান আঁচনিখনৰ উদ্ধোধন কৰাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শ্ৰীনগৰত ৪২ কিঃমিঃ দৈৰ্ঘ্যৰ ৰিংগ ৰোডটোৰ উদ্ধোধন কৰিব৷ এই পথটো নিৰ্মাণৰ বাবে ১,৮৬০ কোটি টকা চৰকাৰী ধন ব্যয় কৰা হৈছে৷ 

আনহাতে মোডীয়ে জন্মুত ২০২৩ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ৫৮ কিঃমিঃ দৈৰ্ঘ্যৰ জন্মু ৰিংগ ৰোডটোৰো উদ্ধোধন কৰিব৷ তাৰ পিছতে মোডীয়ে জম্মুস্থিত চেৰ-এ-কাশ্মীৰ কৃষি বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ এখন সমাৰোগত অংশগ্ৰহণ কৰিব৷  

আনহাতে প্ৰধানমন্ত্ৰীগৰাকীৰ কাশ্মীৰ ভ্ৰমণৰ প্ৰাকমূহুৰ্তত ৰাজ্যখনৰ নিৰপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে৷ 

উল্লেখ্য যে, পবিত্ৰ ৰমজান মাহ উপলক্ষে জন্মুত যুদ্ধবিৰতি ঘোষণা কৰা হৈছে৷ আনহাতে প্ৰধানমন্ত্ৰীৰ কাশ্মীৰ ভ্ৰমণৰ পিছতে ৰাজ্যখন সন্ত্ৰাসবাদৰ পৰা কিছু পৰিমাণে হলেও মুক্ত হোৱাৰ আশা ব্যক্তকৰিছে সন্ত্ৰাসজৰ্জৰ কাশ্মীৰবাসীয়ে৷ 

‘গুলী বাৰুদেৰে সমস্যাৰ সমদান কৰিব নোৱাৰি, সমস্যাৰ সমধান হ’ব প্ৰত্যেকগৰাকী কাশ্মীৰবাসীক আকোঁৱালি লৈ’ বুলি স্বাধীনতা দিৱসৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণক আজিও স্মৰণ কৰি মোডীয়ে কাশ্মীৰৰ পৰা সন্ত্ৰাস দূৰ কৰিব বুলি আশা পালি ৰৈছে কাশ্মীৰবাসী৷