নগাঁওঃ  দেশৰ অগ্ৰণী বেচৰকাৰী সংস্থা 'প্ৰথম এডুকেচন ফাউণ্ডেচন'-এ বিগত প্ৰায় কুৰি বছৰ কাল ধৰি সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তত পৰ্যায়ক্ৰমে ছাত্ৰ-ছাত্ৰীৰ দক্ষতা বৃদ্ধি আৰু শিক্ষাৰ মানদণ্ড অধিক উন্নত কৰাৰ অৰ্থে নানা প্ৰকাৰৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷ ইয়াৰ অংশ হিচাপে নগাঁও জিলাতো সংস্থাৰ এটি গোটে শনিবাৰে জিলাখনৰ খাগৰিজান শিক্ষা খণ্ড এলেকাৰ ৰাইদঙীয়াৰ আইলক্ষ্মী প্ৰাথমিক বিদ্যালয়ৰ সভাকক্ষত এখনি সাংস্কৃতিক মেলাৰ লগতে শিশু উদ্গনি সভা অনুষ্ঠিত কৰে৷

পুৱা ১১ বজাৰ পৰা বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা আহি সমবেত হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কবিতা আবৃত্তি,কুইজ, স্মৃতি লিখন আৰু আকস্মৃিক বক্তৃতা প্ৰতিযোগিতা সম্পন্ন কৰাৰ অন্তত আইলক্ষ্মী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰুমী প্ৰভা বৰাৰ সভাপতিত্বত এখনি মুকলি সভা অনুষ্ঠিত কৰা হয় ৷

সভাত আমন্ত্ৰিত অতিথি হিচাপে ন-সত্ৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অৰুণা হাজৰিকা,শিক্ষক ভৱেন নাথ,বাপধন মহন্ত,বুধেন বৰা,জিতুমনি বৰা,ৰঞ্জন কুমাৰ দাস,পাৰুল মহন্ত,প্ৰথমৰ নগাঁও জিলা সমন্বয়ক মুকুট বৰা,খণ্ড সমন্বয়ক প্ৰসন্ন মহন্ত,লুইত মহন্ত,ৰুহিত বৰা,সাংবাদিক জয়ন্ত মুদৈকে প্ৰমুখ্য কৰি কেইবাজনো বিশিষ্ট নাগৰিকে অংশগ্ৰহণ কৰে৷

সভাত কেইবাটিও শিশুয়ে শিক্ষাত অভিভাৱকৰ ভূমিকা, শিক্ষাত শিশুৰ মৌলিক অধিকাৰ, শিক্ষাৰ ক্ষেত্ৰত পৰিবেশৰ প্ৰভাৱ, শিক্ষাত বিজ্ঞানৰ উপকাৰিতা আৰু অপকাৰিতাৰ লগতে শিক্ষাত পুথিভঁৰালৰ প্ৰয়োজনীয়তাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত বক্তৃতা দিয়ে৷