কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ শিমলুটাপু আৰক্ষী চকীৰ অন্তৰ্গত তাৰিনীপুৰ গাঁৱত যোৱা ৩ জুনৰ নিশা গৰ্ভৱতী মহিলাক ধৰ্ষণ কৰা ঘটনাৰ সতে আৰক্ষী কনিষ্টবল জড়িত হৈ পৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। গোসাঁইগাঁও আৰক্ষীয়ে ইতিমধ্যে গৰ্ভৱতী মহিলাক ধৰ্ষণৰ অভিযোগত অভিযুক্ত কনিষ্টবল জুলিয়াছ হেমব্ৰমক(৩১) গ্ৰেপ্তাৰ কৰাৰ লগতে আন তিনি অভিযুক্ত ক্ৰমে ৰবিনচন হাসদা(২১), বেৰেনটিয়াছ মুৰ্মু ( ১৬) আৰু মুনীন্দ্ৰ মুৰ্মুক(১৯) আটক কৰিছে।
কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰী কৰা মতে যোৱা সেই দিনা নিশা গোসাঁইগাঁও মহকুমাৰ তাৰিনীপুৰ গাঁৱত এগৰাকী গৰ্ভৱতী মহিলাক চুবুৰীয়া এঘৰৰ পৰা ঘৰলৈ ওভোতাৰ পথতে চাৰি যুৱকে ধৰ্ষণ কৰিছিল। অভিযুক্ত চাৰি যুৱকে আনকি ঘৰৰ চৌহদতে গৰ্ভৱতী মহিলা গৰাকীক ধৰ্ষণ কৰিছিল।
স্বামী কৰ্মসূত্ৰে নয়দাত থকাৰ সুযোগ লৈ চাৰি অভিযুক্তই ধৰ্ষণ কৰাৰ সময়ত মহিলাগৰাকীৰ ৪ বছৰীয়া কন্যা সন্তান ঘৰৰ ভিতৰতে শুই আছিল। ধৰ্ষণ কাণ্ডত জড়িত এগৰাকী পাষণ্ডক মহিলাগৰাকীয়ে চিনি পোৱাত শিমুলটাপু আৰক্ষী চকীত এক গোচৰ ৰজু কৰিছিল।
আৰক্ষীয়ে মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ (বি) , ৩৭৬ ডি , ৩০৭ ধাৰাত অধীনত এক গোচৰ (নং ২৩৮/২০১৭) ৰজু কৰে। উক্ত গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলাই অৱশেষত কালি নিশা তিনি অভিযুক্ত ক্ৰমে কনিষ্টবল জুলিয়াছ হেমব্ৰম, ৰবিনচন হাসদা আৰু বেৰেনটিয়াছ মুৰ্মুক আটক কৰাৰ পিছত আজি আন এক অভিযুক্ত মুনীন্দ্ৰ মুৰ্মুক আটক কৰিবলৈ সক্ষম হৈছে।
♦ বেয়াৰ মাজতো ভাল বাতৰি, পঢ়িবলৈ ক্লিক কৰকঃ জীয়াই আছে মানৱতা, উবেৰ চালক যুৱতীৰ ত্ৰাণকৰ্তা
ইতিমধ্যে অভিযুক্তসকলে নিজ অপকৰ্মৰ কথা স্বীকাৰ কৰিছে। কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে অভিযুক্তৰ ভিতৰত এগৰাকী আৰক্ষী কনিষ্টবল থকাটো দূৰ্ভাগ্যজনক বিষয় বুলি উল্লেখ কৰি কনিষ্টবলজনে যোৱা কিছুদিনৰ পৰা নিজ কৰ্তব্যতো অনুপস্থিত আছিল বুলি জানিবলৈ দিছে। আৰক্ষী কনিষ্টবলগৰাকীৰ বিৰুদ্ধে বিভাগীয় কাৰ্য ব্যৱস্থা ইতিমধ্যেই আৰম্ভ হৈছে আৰু তেওঁক গ্ৰেপ্তাৰ কৰাৰ লগতে নিলম্বিত কৰা হৈছে বুলি মন্তব্য কৰিছে আৰক্ষী অধীক্ষক ৰাজেন সিঙে।