সদৌ অসম ভিত্তিত চিৰসেউজ শিল্পীৰ গীতৰ প্রতিযোগিতা  

কাজিৰঙাঃ অসমৰ বিভিন্ন জনগােষ্ঠীৰ, চাৰু আৰু কাৰু শিল্পীৰ দ্বাৰা সৃষ্ট সংস্কৃতি লৈয়েই অসমীয়া সংস্কৃতি। ফুলি থকা পদুমৰ দৰেই এই সংস্কৃতিৰ বুকুত সােমাই আছে পাহি সদৃশ্য বিভিন্ন লােক -সংস্কৃতি। এই সংস্কৃতিৰ পথাৰত নিভাজ খেতিয়কৰ ভূমিকাত আছে এচাম সৃষ্টিশীল ব্যক্তি।

সংগীত শিল্পৰ যােগেদি এচাম শিল্পীয়ে গীতেৰে সুৰেৰে অহর্নিশে সমাজত শান্তি প্রতিষ্ঠাৰ বাবে প্রচেষ্টা চলাই আহিছে। সাম্প্রতিক সমাজত বিছিন্ন চিন্তা-চেতনাৰ ঢৌৱে বিষবাষ্প বিয়পাই কলুষিত কৰা সময়তে সংস্কৃতিৰ জৰিয়তে সমাজত শান্তিৰ বাতাবৰণ প্ৰতিষ্ঠাৰ লক্ষ্যৰে  বোকাখাত সাংস্কৃতিক মঞ্চৰ উদ্যোগত অসমৰ কৃষ্টি সংস্কৃতিক চহকী কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগতে অসমৰ নৱ প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ গীতেৰে দিনজোৰা কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত এলানি গীতৰ প্রতিযােগিতা ১০ মার্চত বোকাখাত নগৰৰ মাজমজিয়াত অৱস্থিত ইন্দিৰা গান্ধী শিশু স্মাৰক উদ্যানত অনুষ্ঠিত কৰিবলৈ আয়ােজন কৰা হৈছে ৷

সেয়েহে প্রতিযােগিতাখনি সুচাৰুৰূপে সম্পন্ন কৰিবলৈ সকলোৰে পৰামৰ্শ,সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে অনুষ্ঠানটিৰ সভাপতি দুলাল ডেকা আৰু সম্পাদক সৌৰভ হাজৰিকাই ৷ দুয়োটা প্ৰতিযোগিতাতে বিজয়ী সকলক নগদ ধনেৰে পুৰস্কৃত কৰা হব বুলি সম্পাদক সৌৰভ হাজৰিকাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷