newsnextone.com | ডিজিটেল ডেস্কঃ জনতাৰ চৰকাৰ মোডী চৰকাৰ৷ এই শ্ল’গান এতিয়া অসাৰ৷ জনতাৰ হকে কাম কৰিব বুলি মোডীয়ে শাসনাধিষ্ঠিত হোৱাৰ সময়ত দিয়া প্ৰতিশ্ৰুতি বৰ্তমান কেৱল নামত হে ৰৈ গৈছে বুলি দেশবাসীয়েই ক’ব বিচাৰে৷
পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধিয়ে চৰম সীমা অতিক্ৰম পোৱাৰ পিছত ভাৰতীয় তৈল নিগম লিমিটেডে ঘোষণা কৰিছিল যে বুধবাৰে পেট্ৰলত ৬৩ পইচা আৰু ডিজেলত ৫৯ পইচা হ্ৰাস কৰা হৈছে৷ খবৰটো শুনি মূল্যবৃদ্ধিয়ে হাৰাশাস্তি কৰা সাধৰণ জনতাই এবাৰ অলপ হ’লেও স্বস্তিৰ নিশ্বাস এৰিছিল৷
Indian Oil Corporation corrects earlier figures, Petrol prices went down not by 60 paise in Delhi & 59 paise in Mumbai but by just 1 paise. Diesel prices also went down by just 1 paise instead of 56 paise in Delhi & 59 paise in Mumbai pic.twitter.com/OXqR2QEIBP
— ANI (@ANI) May 30, 2018
কিন্তু কাৰ্যতঃ সেয়া নহ’ল৷ ভাৰতীয় তৈল নিগমে শেহতীয়াকৈ ঘোষণা কৰিলে যে ১পইচাকৈহে হ্ৰাস পাইছে পেট্ৰল আৰু ডিজেলৰ মূল্য৷ তৈল নিগমৰ ৱেবচাইটত পূৰ্বে ৬৩ আৰু ৫৯ পইচা হ্ৰাস পোৱা বুলি ভুলতে প্ৰকাশ হৈছিল বুলি মন্তব্য কৰে ভাৰতীয় তৈল নিগম লিমিটেডে৷
আনহাতে বিগত ১৬ দিনত তৈল সংস্থাই বৃদ্ধি কৰিছে অতি কমেও ১০ টকা৷ কিন্তু হ্ৰাসৰ সময়ত মাত্ৰ ১ পইচা হ্ৰাস কৰি কি নীতি অৱলম্বন কৰিব বিচাৰিছে সেয়া লৈ উদ্বিগ্ন হৈ পৰিছে জনতা৷ ইফালে বুধবাৰে ১ পইচা হ্ৰাস কৰাৰ পিছত পুনৰ পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে৷