মোৰাঝাৰঃ ৰমজান মাহ চলি থকাৰ সময়তে বৃহস্পতিবাৰে ইফতাৰৰ পিছতে চৌধুৰী বজাৰত সংঘটিত হৈছে এক মাৰপিট ঘটনা৷ ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত মাৰপিটৰ দৰে ঘটনাই জোকাৰি গ’ল মোৰাঝাৰ অঞ্চল৷ ঘটনাৰ বিৱৰণী মতে হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষী থানাৰ চৌধুৰী বজাৰৰ চাৰিং পথাৰৰ বাসিন্দা শ্বফিক উদ্দিন আহমেদক AS 02 N 1408 নং এল্ট’ বাহনেৰে আহি চাৰিজনীয়া এটা দুৰ্বৃত্তৰ দলে ইটাৰে মূৰত মাৰি গুৰুতৰ বাবে আঘাত কৰি পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও পিছলৈ চৌধুৰী বজাৰ উপ-আৰক্ষী চকীত গৈ আত্মসমৰ্পন কৰে।
আত্মসমৰ্পন কৰা দুৰ্বৃত্ত কেইজন হৈছে দক্ষিণ চামৰালিৰ হাফিজ উদ্দিন, জহিৰুল ইছলাম,গিয়াছ উদ্দিন, নজমুল ইছলাম। বাতৰি লিখা পৰলৈ এই লোক কেইজন মোৰাঝাৰ আৰক্ষীৰ জিম্মাত আছে৷ দুই ফৈদৰ মাজত হোৱা সংঘাতৰ পৰিণতিত স্থানীয় জ্যেষ্ঠ নাগৰিক এই লোকজনক আক্ৰমণ কৰা হয়৷
আঘাতপ্ৰাপ্ত শ্বফিক উদ্দিনক ততাতৈয়াকৈ হোজাই হাম হস্পিটেলত ভৰ্তি কৰোৱা হৈছে যদিও তেওঁৰ অৱস্থা সংকট জনক৷ উল্লেখযোগ্য যে, চাৰিবছৰ পূৰ্বে দিন দুপৰত দুজন লোকক জীৱন্তে জ্বলাই হত্যা কৰা হৈছিল চৌধুৰী বজাৰত। চৌধুৰী বজাৰ অঞ্চল অপৰাধীৰ ৰম্যভূমি হৈ পৰাৰ আঁৰত কোনটো কাৰকে ক্ৰিয়া কৰিছে, সেয়া সময়ত ক’ব পৰা যাব।
এতিয়া গুৰুত্ব পূৰ্ণ কথা হ’ল হোজাই জিলা আৰক্ষীয়ে অঞ্চলটিৰ উদণ্ড গুণ্ডা বাহিনীৰ ওপৰত পদক্ষেপ ল’বনে?? ইফালে অপৰাধীক অতি শীঘ্ৰে বিচাৰৰ সন্মুখীন কৰি কঠোৰ শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছে সচেতন ৰাইজ তথা কেইবাটাও স্থানীয় দল সংগঠনে৷