শিমলুগুৰিঃ ৰাজ্যখনৰ থলুৱা শিক্ষিত নিৱনুৱাক তেল আৰু প্ৰকৃতিক গেছ নিগম চমুকৈ অ' এন জি চিয়ে প্ৰবঞ্চনা কৰাত ক্ষোভিত হৈ পৰিছে সদৌ তাই আহোম ছাত্ৰ সন্থা৷
দীৰ্ঘদিন ধৰি সংগঠনটোৱে অসমীয়া যুৱক-যুৱতীক অ এন জি চিৰ নতুন তথা খালী হৈ থকা পদ সমূহত নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰি আহিছে যদিও সংগঠনটোৰ দাবীৰ প্ৰতি কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে উজনি অসমৰ শক্তিশালী সংগঠনটোৱে৷
থলুৱা শিক্ষিত নিৱনুৱা যুৱক-যুৱতীক বঞ্চনা আৰু প্ৰতাৰণা কৰি অহাৰ বিৰুদ্ধে প্ৰতিবাদো কৰি আহিছে সদৌ তাই আহোম ছাত্ৰ সন্থাই। আজি শিৱসাগৰ জিলাৰ নাজিৰাস্থিত অ' এন জি চিৰ অসম সম্পদৰ মূখ্য কাৰ্যালয়ৰ সন্মুখত আটাছুৱে অসমীয়া যুৱক-যুৱতীক প্ৰতাৰণাৰ বিৰুদ্ধে তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
উল্লেখ্য যে অ' এন জি চিত বছৰ বছৰ ধৰি খালী হৈ থকা তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদ সমূহত থলুৱা শিক্ষিত যুৱক-যুৱতীসকলক নিযুক্তি দিবলৈ আটাছুৱে দাবী জনাই আহিছে যদিও নিগমৰ এক অসম বিৰোধী চক্ৰই বিভিন্ন কুট-কৌশলেৰে বহিৰাগত প্ৰাৰ্থীক অগ্ৰাধিকাৰ দি আহিছে। ঠিক একেদৰে লঘু আৰু গুৰু যান-বাহনসমূহৰ নিবিদাৰ ক্ষেত্ৰতো অ' এন জি চিৰ একাংশ বিষয়াই থলুৱা নিৱনুৱাসকলক বঞ্চিত কৰি আহিছে।
আটাছুৱে অ' এন জি চিৰ এই থলুৱা বিৰোধী নীতি প্ৰত্যাহাৰ কৰাৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে৷ অ' এন জি চি কৰ্তৃপক্ষই দাবী মানি নল'লে ৰাইজৰ সহযোগত জংগী আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে আটাছুৱে।