শুক্লাইঃ অসম গৌৰৱ সীমা সুবেদী। ২০১৬ চনত মিচেছ এচিয়া বঁটা লাভ কৰি দেশৰ লগতে অসমৰো নাম আন্তঃৰাষ্ট্ৰীয় পয্যায়ত জিলিকাবলৈ সক্ষম হৈছিল সীমাই।

বিটিএডিৰ বাগছা জিলাৰ অতিকৈ অনগ্ৰসৰ ভূটান সীমান্ত সুৱাগপুৰ সীমা সুবেদীৰ জন্মস্থান। বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়েও সীমাৰ সাফল্যৰ বাবে ২০১৬ চনৰ ১৮ জুনত পাঁচলাখ টকা দি সীমাক সম্বর্ধনা জনাইছিল। বি টি চি প্ৰধানৰ লগতে বি টি চিৰ বিভিন্ন দল-সংগঠনেও তেওঁক উস্ম আদৰণি জনাইছিল।

অসমলৈ গৌৰৱ কঢ়িয়াই অনা এইগৰাকী সীমাই এতিয়া ৰাজ্যখনলৈ কঢ়িয়াই আনিছে বদনাম। মিছেছ এছিয়া সীমা সুবেদীৰ এটা বিতৰ্কিত মন্তব্যই জ্বলাইছে চুবুৰীয়া ৰাষ্ট্ৰ নেপাল। চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ লগতে ডুবাই, কাটাৰ, মালেছিয়া, ছিংগাপুৰ, ইজৰাইল, আমেৰিকাতো সীমাৰ মন্তব্যই ক্ষোভৰ উদগীৰন ঘটাইছে।

নেপালৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি মিচেছ এচিয়া সীমা সুবেদীয়ে অলপতে ছ'চিয়েল মিডিয়া যোগেদ নেপালত বসবাস কৰা নেপালী ভাষী লোকসকলক লৈ এটা বিতৰ্কিত মন্তব্য আগবঢ়াইছিল। মন্তব্যটোত অসম গৌৰৱ সীমাই নেপালৰ নাগৰিকে ভাৰতৰ বিভিন্ন প্ৰান্তত বাচন-বৰ্তন চাফা কৰিহে জীৱিকা চলাই আহিছে বুলি উল্লেখ কৰিছিল। লগতে ভাৰতলৈ নাহিলে তেওঁলোকৰ জীৱিকা নচলে বুলিও মন্তব্য কৰিছিল সীমাই।

ইয়াৰ লগে লগে অসম গৌৰৱৰ পৰা একপ্ৰকাৰ অৱনমিত হৈ পৰে সীমা। ছ'চিয়েল মিডিয়াত নেপালৰ নাগৰিকসকলে এনে মন্তব্যৰ বাবে সীমাক সমালোচনা কৰাৰ লগতে অসমতো তুচ্ছ-তাচ্ছিল্য কৰা পৰিলক্ষিত হৈছে। বিদেশত থকা প্ৰবাসী নেপালী ভাষী লোকসকলেও ছ'চিয়েল মিডিয়াত সীমাক উদ্দেশ্যি তীব্ৰ বাক্যবাণ নিক্ষেপ কৰিছে।

সীমাৰ উক্ত মন্তব্যক লৈ নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ লগতে দেশখনৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ কৰি সীমাক উক্ত মন্তব্য উঠাই লৈ সমগ্ৰ বিশ্বৰ নেপালী লোকসকলৰ ওচৰত মূৰ দোৱাই ক্ষমা বিচাৰিবলৈ দাবী জনাইছে।

আনকি কাঠমাণ্ডৰ দুই যুৱকে ছচিয়েল মিডিয়া যোগে যদিহে কোনো কাৰণত সীমাই কেতিয়াবা নেপাললৈ যায় তেন্তে সীমাৱৰ্তী কাকৰভিঠাত হাত-ভৰি ভাঙি দিয়া হ'ব বুলি সকীয়নি দিছে। অৱশ্যে সীমা সুবেদীয়ে ছ'চিয়েল মিডিয়া যোগে কোনো ধৰণৰ মন্তব্য কৰা নাই বুলি তেওঁৰ অনুৰাগীসকলে দাবী কৰা দেখা গৈছে। দুয়ো পক্ষৰ ছচিয়েল মিডিয়াৰ বাকযুদ্ধ কেতিয়া সমাপ্তি হ'ব সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা যাব।