ডিজিটেল ৰিপ'ৰ্টঃ সাংবাদিক শান্তনু ভৌমিকক হত্যাৰ পিছৰে পৰা উত্তেজনা অব্যাহত আছে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত৷ ত্ৰিপুৰাৰ কেবাটাও দল-সংগঠনে বুধবাৰে নিশা ৰাজ পথলৈ ওলাই আহে৷ আনহাতে বৃহস্পতিবাৰে পুৱা ১১ বজাত আগৰতলা প্ৰেছ ক্লাব আৰু ৱাৰ্কিং জাৰ্ণেলিষ্ট এছোছিয়েচনে ত্ৰিপুৰা চহৰত মৌন সমদল কৰি ঘটনাৰ প্ৰতিবাদ জনায়৷ মৌন সমদলত অংশ গ্ৰহণ কৰা সাংবাদিকসকলে সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে চৰকাৰক দাবী জনায়৷

সাংবাদিসকলে নিহত সাংবাদিক শান্তনু ভৌমিকৰ মৃতদেহ বহু পলমকৈ উদ্ধাৰ কৰা বুলিও অভিযোগ কৰে প্ৰশাসনৰ বিৰুদ্ধে৷ ইপিনে চৰকাৰে হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ আশংকা কৰি আগৰতলাত ১৪৪ ধাৰা জাৰি কৰিছে৷ মোবাইল সেৱাৰ লগতে আগৰতলা চহৰত ইন্টাৰনেট সেৱাও সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয়৷ পৰিস্থিতি বেয়াৰ ফালে ঢাল খোৱাৰ সন্দেহ কৰি পিছত ৰাজ্য প্ৰশাসনে আগৰতলাৰ সৈতে সংপৃক্ত হৈ থকা আন দুখন জিলাতো ১৪৪ ধাৰা জাৰি কৰাৰ উপৰিও মোবাইল আৰু ইন্টাৰনেট সেৱা বন্ধ কৰে৷

আনহাতে ৰাজ্যৰ কেবাটাও ৰাজনৈতিক দলে ঘটনাক গৰিহণা দিয়ে৷ নেডাৰ মূৰব্বী তথা অসমৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীক এই ঘটনাৰ উত্তৰ দিয়াৰ দাবী জনায়৷ বিজেপি দলে এটি টুইট যোগে ঘটনাক গৰিহণা দি আইন-শৃংখলা নিয়ন্ত্ৰণত বাওপন্থী চৰকাৰ বিফল হৈছে বুলি কয়৷

ত্ৰিপুৰাৰ সাংস্কৃতিক মন্ত্ৰী ভানু লাল চাহাই সাংবাদিক হত্যাৰ ঘটনাৰ তদন্ত আৰক্ষীয়ে গুৰুত্বসহকাৰেলৈ তদন্ত কৰি থকা বুলি কয়৷ বাওপন্থী নেতা সীতাৰাম য়েচুৰীয়ে বিজেপি-আৰআৰএছে সাংবাদিকৰ মুখ বন্ধ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ হত্যা-হিংসাৰ জৰিয়তে নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলোৱা বুলি কটাক্ষ কৰে য়েচুৰীয়ে৷

উল্লেখ্য যে, ৰাজ্যখনৰ পশ্চিম ত্ৰিপুৰা জিলাত কৰ্তব্যৰত অৱস্থাতে অপহৰণ কৰি হত্যা কৰা হয় ২৮ বৰ্ষীয় সাংবাদিকগৰাকীক। বাংগালুৰুৰ মহিলা সাংবাদিক গৌৰী লংকেশ হত্যা, বিহাৰৰ বাশী জিলাৰ পংকজ মিশ্ৰ নামৰ সাংবাদিকগৰাকীক হত্যাৰ চেষ্টা কৰাৰ ঘটনাই দেশ উত্তাল কৰি ৰখাৰ সময়তে আগৰতলাৰ সাংবাদিকৰ হত্যাৰ ঘটনাৰ পিছতে সুৰক্ষাক লৈ চিন্তিত হৈ পৰিছে উত্তৰ পূৰ্বাঞ্চলৰ সাংবাদিকসকল। 

বৃহস্পতিবাৰে অসমতো কেবাটাও সাংবাদিক সংগঠনে এই ঘটনাৰ প্ৰতিবাদ জনায়৷ অসমৰ সাংবাদিকসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈকো ৰাজ্য চৰকাৰক দাবী জনায় সাংবাদিক সংগঠনসমূহে। পশ্চিমবংগতো ত্ৰিপুৰাৰ উক্ত ঘটনাক লৈ স্থানীয় সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাতৰি পোৱা গৈছে।