গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰলৈ গৌৰৱ কঢ়িযায় আনিছে শিখৰ এডভেঞ্চাৰ ক্লাৱে৷ এডভেঞ্চাৰ ক্লাৱৰ সদস্যই ১৪ দিন ধৰি চিক্কিমৰ সুউচ্চ থিং চিং খাং শৃংগ আৰোহণ কৰি গোৰেশ্বৰলৈ গৌৰৱ কঢ়িযায় আনিছে৷ যাৰ উচ্চতা ২০,০১৩ ফুট। যোৱা ২ অক্টোবৰত গোৰেশ্বৰৰ পৰা ৰাওনা হোৱা শিখৰ এডভেঞ্চাৰ ক্লাৱৰ পৰ্বতাৰোহী দলটোৱে সফলতাৰে এই শৃংগ আৰোহণ কৰি গৌৰৱ কঢ়িয়াই আনিছে।

বাক্সা জিলাৰ গোৰেশ্বৰৰ শিখৰ এডভেঞ্চাৰ ক্লাৱৰ জুলিমা ডেকাৰ নেতৃত্বত যোৱা পাঁচজনীয়া দলটোৰ চাৰিজনে যোৱা ১৫ অক্টোবৰত পুৱা ৭ বাজি ১০ মিনিটত এই শৃংগত ভৰি দিবলৈ সক্ষম হয়। দলটোৱে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা, ক্লাৱৰ পতাকাৰ লগতে বিহুৱান আৰু আৰনাই থিংচিংখাং শৃংগত উৰুৱাই গোৰেশ্বৰৰ লগতে ৰাজ্যৰ পৰ্বতাৰোহনৰ ক্ষেত্রত আন এক মাত্ৰা প্ৰদান কৰে।

যোৱা ২ অক্টোবৰত গোৰেশ্বৰত দলটোৰ যাত্ৰাৰ পূৰ্বে ফ্লেগ অফ কৰিছিল গোৰেশ্বৰস্থিত চিআৰপিএফ ১০ বেটালিয়ানৰ অচি প্ৰশান্ত সিংহই। কাৰিকৰী দিশৰ ক্ষেত্ৰত ষথেষ্ঠ গুৰুত্বপুৰ্ণ থিং চিং খাং শৃংগ আৰোহণ কৰে পূৰ্ণ ডেকা, মনিন ডেকা, দিবাকৰ দাস আৰু ৰজিত বসুমতাৰীয়ে। দলটোৱে মুঠ ১৪ দিনত এই শৃংগটো আৰোহন কৰে। উল্লেখ্য যে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ বিশেষ সহযোগিতাত স্থানীয় জনপ্ৰতিনিধি আৰু ৰাইজৰ সহযোগত এই এক্সপিডিচনৰ আয়োজন কৰা হৈছিল। ক্ৰীড়াপ্ৰেমী ৰাইজে পৰ্বতাৰোহী দলটোলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে।