খাৰুপেটীয়াঃ চৰকাৰৰ ভৰষা এৰি অৱশেষত ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে দলং৷ দৰঙৰ দলগাঁও সমষ্টিৰ ধৰণীপুৰৰ ৰাইজে দিনৰ দিনটো লঘোনে-ভোকে থাকি শ্ৰমদানেৰে গাঁঠিৰ ধন ভাঙি দলং নিৰ্মাণ কৰে।

দলগাঁও সমষ্টিটোৰ আৰিমাৰী গাঁও-পঞ্চায়তৰ ধৰনীপুৰ গাওঁখনৰ মাজেৰে বৈ গৈছে খোকাজানী নৈ। বিগত ২০-২৫ বছৰ ধৰি নৈ খনৰ ওপৰত যাতায়তৰ বাবে নাই কোনো দলং বা বাঁহৰ সাঁকো যাৰ বাবে গঞা ৰাইজ তথা অঞ্চলটোৰ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে।

বিকশিত অসমৰ শ্ল’গান দিয়া পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ স্থানীয় বিধায়ক ইলিয়াছ আলীয়ে নিৰ্বাচন আহিলেই দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দি তিনিটা কাৰ্যকাল পাৰ কৰিলে৷ ৰাইজক দিয়া প্ৰতিশ্ৰুতিপালন নকৰাত ঈদৰ আনন্দ উলাহৰ মাজতে গাওঁখনৰ ৰাইজে  চান্দা বৰঙণি সংগ্ৰহ কৰি বাহৰ দলং নিৰ্মাণ কৰে।