পুৰণিগুদামঃ অসমৰ বিভিন্ন প্ৰান্তৰ উৎকণ্ঠিত ৰাইজে আহি নিতৌ ভিৰ কৰিছে নগাঁৱৰ পুৰণিগুদাম। সম্প্ৰতি পুৰণিগুদামত অব্যাহত থকা শতবছৰ গৰকা বৰ মছজিদৰ ঐতিহাসিক মিনাৰ স্থানান্তৰকৰণৰ বিৰল দৃশ্য নিজ চকুৰে প্ৰত্যক্ষ কৰিবৰ বাবে বিভিন্ন জাতি-বৰ্ণ, ভাষা-ভাষীৰ লোকে ভিৰ কৰিছে বৰ মছজিদ প্ৰাংগণত।

অসমত আগেয়ে নোহোৱা এনে পৌৰাণিক কীৰ্তিস্তম্ভ স্থানান্তৰকৰণ প্ৰক্ৰিয়া ওপৰত পৰ্যবেক্ষণ কৰিবৰ বাবে চৰকাৰৰ গড়কাপ্তানি বিভাগেও প্ৰেৰণ কৰিছে বিভাগীয় কৰ্মচাৰী তথা কাৰিকৰী অভিযন্তা। 

এইসূত্ৰেই চৰকাৰী নিৰ্দেশ মৰ্মে যোৰহাট গড়কাপ্তানি বিভাগৰ যান্ত্ৰিক ক্ষেত্ৰৰ দুই কাৰিকৰী বিষয়া ইতিমধ্যেই পূৰ্বৰ স্থানৰপৰা প্ৰায় 45 ফুট স্থানান্তৰ হোৱা মিনাৰটোৰ পুংখানুপুংখ পৰ্যবেক্ষণ কৰি তথ্য আহৰণ কৰি আছে যাতে ভৱিষ্যতে অসমত প্ৰয়োজনবসত চৰকাৰীভাৱে কোনো প্ৰাচীন কীৰ্তিস্তম্ভ তথা চৰকাৰী আবাস পুনঃসংস্থাপিত কৰিব পৰা যায়।

ইফালে অসমৰ বিভিন্ন ঠাইৰ বিভিন্নজনৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য নিৰ্মল চৌধুৰীয়ে গুৱাহাটীৰপৰা আহি এই বিৰল দৃশ্য পৰিদৰ্শন কৰি উৎফুল্লিত হৈ পৰা দেখা যায়, লগতে তেওঁ ঐক্য-সম্প্ৰতিৰ প্ৰতীক স্বৰূপে শতবছৰ ধৰি পুৰণিগুদামত শিৰ উচ্চ কৰি থকা মিনাৰটোৰ উচিত সংৰক্ষণৰ বাবে সমূহ ৰাইজে কৰা ঐক্যান্তিক প্ৰচেষ্টাৰ বাবে প্ৰকাশ কৰে অশেষ কৃতজ্ঞতাও।

অৱশ্যে এতিয়াও বাকী প্ৰায় 35 ফুট স্থানান্তৰকৰণ প্ৰক্ৰিয়া, প্ৰয়োজন অধিক অৰ্থৰো। এই ঐতিহাসিক ঘটনাৰ অংশীদাৰ হ'বৰ বাবে অসমৰ ইচ্ছুক শুভাকাংক্ষীক পুৰণিগুদামস্থিত UBI-ৰ একাউণ্ট নম্বৰ 0640010335300-ত (IFSC: UTBI0PGMG11) আৰ্থিক অনুদান আগবঢ়াব পৰাকৈও সুবিধা কৰিছে সামগ্ৰিকভাৱে মিনাৰ স্থানান্তৰকৰণৰ উদ্যোগ হাতত লোৱা স্থানীয় অঞ্জুমান-ই-ইছলামীয়াৰ কৃৰ্তপক্ষই। 

যদি বতৰ ঠিকে থাকে আগন্তুক এসপ্তাহৰ ভিতৰতে নিৰ্ধাৰিত স্থানত সগৌৰৱেৰে মিনাৰটো সংস্থাপিত কৰিব পৰা যাব বুলি জানিবলৈ দিয়ে আঞ্জুমান-ই-ইছলামীয়াৰ বিষয়ববীয়াই।