চামগুৰিঃ অসম নাট্য সন্মিলন পুৰণিগুদাম শাখাৰ উদ্যোগত আৰু মণিকূট কৃষ্টি বিকাশ কেন্দ্ৰৰ সহযোগত অহা ২০-২১ জুনত দুদিনীয়া বণাৰ্ঢ্য কাৰ্যসূচীৰে বিষ্ণুপ্ৰসাদ ৰাভাৰ দিৱসৰ আয়োজন কৰা হৈছে৷ পুৰণিগুদাম পাৰঘাট সামূহিক ভৱনত অনুষ্ঠিত হ'ব লগীয়া ৰাভা দিৱসৰ কাৰ্যসূচী অনুসৰি ২০ জুনৰ পুৱা পৰিৱেশ নিকাকৰণ, পতাকা উত্তোলন, স্মৃতি তৰ্পন, বৃক্ষৰোপন আদি অনুষ্ঠানৰ লগতে দুপৰীয়া এক বজাত মুকলি সভা অনুষ্ঠিত হব৷
পুৰণিগুদাম ড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভূপেন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত বিশিষ্ঠ অতিথি হিচাপে ৰাজ্যৰ বিঞ্জান-প্ৰযুক্তিবিদ্যা তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ উপাধ্যক্ষ জিতু গোস্বামী, সাহিত্যিক দিলীপ চন্দ্ৰ বৰা আৰু বিজেপি কলিয়াবৰ জিলা সমিতিৰ সভাপতি অনিল শইকীয়া উপষ্ঠিত থাকিব৷
উক্ত অনুষ্ঠানতে বাজিয়াগাঁও উন্নয়ন খণ্ডৰ উদ্যোগত অঞ্চলৰ কৃৰ্তী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্দ্ধনা জনোৱা হ'ব৷ জাতীয় নাট্য সাহিত্য সংগ্ৰহালয়ৰ তৰফৰ পৰা প্ৰথমবাৰৰ বাবে শিল্পী-সাহিত্যিক ডাঃ নৰেন্দ্ৰ নাথ ডেকাক জীৱনযোৰা শিল্প-সাধনা বঁটা প্ৰদান কৰা হ'ব৷ অসম নাট্য সন্মিলন পুৰণিগুদাম শাখাৰ সোণপখিলীৰ চতুৰ্থ খণ্ড "সমন্বয়" নামৰ স্মৃতিগ্ৰন্থখন উক্ত অনুষ্ঠানতে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োয়ে উন্মোচন কৰিব৷ ২১ জুনত বিভিন্ন কাৰ্যসূচীৰ লগতে নিশালৈ সাংবাদিক নিপ কুমাৰ বৰুৱাৰ পৰিচালিত "সুখৰ সংঞ্জা বিচাৰি" শীৰ্ষক গীতৰ অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে৷