শুক্লাই: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মঙলবাৰে টংলাতো বিশ্বকবি ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ১৫৭তম জন্মজয়ন্তী উদযাপন কৰা হয়। ৰবীন্দ্ৰ জয়ন্তী উদযাপন সমিতিৰদ্বাৰা টংলা ৩ নং খণ্ডত আয়োজিত ৰবীন্দ্ৰ জয়ন্তী উৎসৱত হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱ, প্ৰাক্তন বিধায়কা মৃদুলা চহৰীয়া, আইনজীৱি মলয় লাহিড়ী, সাংবাদিক সুদীপ্ত শৰ্মা চৌধুৰী, বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বিটিচি ক্ষেত্ৰীয় সমিতিৰ সম্পাদক বাপ্পী সৰকাৰ প্ৰমুখ্যে সহস্ৰাধিক লোক উপস্থিত থাকে।

ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে ৰবীন্দ্ৰ নৃত্য আৰু কবিতা আবৃৰ্তি প্ৰতিযোগিতা অনুষ্ঠান হয়। আনহাতে উত্তৰ নাওবান্ধাতো সদৌ অসম বাঙালী যুব ছাত্ৰ ফেডাৰেছনৰ আটাৰীখাট আঞ্চলিক সমিতিৰ উদ্যোগত এদিনীয়া কাৰ্য্যসূচীৰে অনুস্থিত হয় ৰবীন্দ্ৰ জয়ন্তী উৎসৱ। অনুস্থানটোৰ পতাকা উত্তোলনৰে শুভাৰম্ভ কৰে সংগঠনটোৰ উপদেষ্টা মানিক সৰকাৰে