ডিজিটেল ডেস্কঃ সোমবাৰে ৰাতি জম্মু কাশ্মীৰৰত অমৰনাথ যাত্ৰীৰ ওপৰত চলা নৃশংস আক্ৰমণৰ পিছত আজি জৰুৰীভাৱে এক বৈঠকৰ আয়োজন কৰিছে গৃহমন্ত্ৰী ৰাজনাথ সিঙে৷ ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শদাতা অজীত ডোভালে অধ্যক্ষতাত এই বৈঠকত প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে৷

ইফালে কাশ্মীৰৰ মুখ্যমন্ত্ৰী মেহবুবা মুফটিয়ে আজি চিকিৎসালয়ত গৈ আহত লোকসকলৰ স্বাস্থ্যৰ বুজ লয়৷ তদুপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এক কেবিনেট বৈঠকৰো আহ্বান কৰিছে৷ 

প্ৰধানমন্ত্ৰীৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ পাৰ এই আক্ৰমণক দুৰ্ঘোৰ নিন্দা কৰিছে সকলোৱে। টুইটাৰৰ জৰিয়তে উক্ত ঘটনাৰ নিন্দা কৰিছে বলিউড চেলেব্ৰেটি শ্বাহৰুখ খান, অনুপম খেৰ, অক্ষয় কুমাৰকে ধৰি বহুকেইজনে। অসমতো ৰাজ্যিক শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই ঘটনাৰ শোক প্ৰকাশ কৰিছে৷ 

সোমবাৰৰ সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণত ১০ গৰাকী যাত্ৰী নিহত হৈছিল৷ এই ঘটনাৰ পিছত উক্ত অঞ্চলত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে৷

 আক্ৰমণত লস্কৰ এ তৈবা জড়িত বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে৷ উক্ত ঘটনাৰ মাষ্টাৰমাইণ্ড পাকিস্তানৰ আবু ইছমাইল বুলি সন্দেহ আৰক্ষীৰ৷ তাৎপৰ্যৰ কথা যে এদিন পুৰ্বে আৰক্ষীয়ে কাশ্মীৰৰ লস্কৰৰ হৈ কাম কৰা এজন লোকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে৷