ৰঙিয়াঃ ৰাজ্যৰ পূৰ্বৰ  চৰকাৰখনে প্ৰতিটো সমষ্টিতে একোখনকৈ মডেল হাস্পতাল স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেইমতে নিৰ্ধাৰিত সময়ত মডেল হাস্পতালসমূহৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ল যদিও বিভিন্ন ঠাইত আজিলৈ মুকলি নহ'ল মডেল হাস্পতালসমূহ।

ঠিক তেনেদৰে ৰঙিয়াত স্থাপন হোৱা মডেল হাস্পতালখন সম্পূর্ণ হ'বৰ প্ৰায় এক বছৰ উকলি যোৱাৰ পিছতো ৰাজ্য চৰকাৰে হাস্পতালখন মুকলি নকৰিলে। যাৰ ফলত ৰঙিয়াবাসী ৰাইজে আশা কৰা ধৰণে উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হ'ব লগা হৈছে।

পূৰ্বৰ চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা কৰা মডেল হাস্পতালখন সম্পূর্ণ হোৱাৰ পিছত সেইজন স্বাস্থ্য মন্ত্ৰীয়ে বৰ্তমান চৰকাৰৰ দিনটো স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব পালন কৰি আছে। তেনেস্থলত সম্পূর্ণ হৈ উঠা হাস্পতালখন দীৰ্ঘদিন ধৰি তলা লগাই থোৱাৰ কাৰণ কি বুলি ৰঙিয়াৰ স্থানীয় ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। 

উল্লেখ্য যে ৰঙিয়াৰ মডেল হাস্পতালখনৰ আধাৰশিলা কৰা সময়ত মন্ত্ৰীগৰাকীয়ে মডেল হাস্পতাল এখনত কি কি সুবিধা থাকিব পাৰে সেই বিষয়ে ৰাইজক অৱগত কৰিছিল। আনকি হাস্পতালখনৰ নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হৈ উঠাৰ লগে-লগে  সকলো সুবিধা উপলব্ধ হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল।

কিন্তু মন্ত্ৰীগৰাকীৰ সেই প্ৰতিশ্ৰুতি বৰ্তমানলৈ বাস্তৱত ৰূপায়িত নোহোৱা বিষয়টোৱে সকলোকে আচৰিত কৰি তুলিছে। ইফালে দীৰ্ঘদিন ধৰি হাস্পতালখনত তলা লগাই থোৱাৰ ফলত ভিতৰৰ আচবাবসমূহ মামৰে ধৰাৰো উপক্ৰম হৈছে।