গুৱাহাটী/নতুন দিল্লীঃ ৰাজ্যসভাৰ সদস্য হিচাপে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে মনোনীত কৰিছে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক। ভাৰতীয় সংবিধানৰ ৮০ নং অনুচ্ছেদ অনুযায়ী সোমবাৰে ৰাষ্ট্ৰপতিয়ে দেশৰ মুখ্য ন্যায়াধীশৰ আসনত অধিষ্ঠিত হোৱা অসম তথা উত্তৰ-পূবৰ প্ৰথমগৰাকী ন্যায়াধীশ গগৈক ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰে।
দেশৰ ৪৬সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে ২০১৮ চনৰ ৩ অক্টোবৰত দায়িত্ব গ্ৰহণ কৰা গগৈয়ে উক্ত পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল বিগত বৰ্ষৰ ১৭ নৱেম্বৰত। মুখ্য ন্যায়াধীশৰ দায়িত্ব গ্ৰহণ কৰি থকা সময়তে গগৈৰ নেতৃত্বত ৫ জনীয়া ন্যায়াধীশৰ বিচাৰপীঠে দীৰ্ঘদিনীয়া অযোধ্য বিবাদ সন্দৰ্ভত প্ৰদান কৰিছিল ঐতিহাসিক ৰায়।
২০০১ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ নিযুক্ত হোৱা গগৈক পৰৱৰ্তী সময়ত ২০১০ চনত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হয়। ইয়াৰ এবছৰ পিছত তেওঁ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্ত হয়। ২০১২ চনত গগৈয়ে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে নিযুক্তি লাভ কৰে।
শপত গ্ৰহণৰ পিছতহে সবিশেষ জনাব সংবাদ মাধ্যমক
ৰাষ্ট্ৰপতিৰ দ্বাৰা ৰাজ্যসভাৰ সাংসদ হিচাপে মনোনীত হোৱাৰ পিছতে অসমৰ নেটিজেনসকলে ছ’চিয়েল মিডিয়াত ভিন্ন ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা গৈছে। একাংশ নেটিজেনে দেশৰ মুখ্য ন্যায়াধীশৰ দৰে শীৰ্ষ আসনত অধিষ্ঠিত হোৱা ৰাজ্যখনৰ প্ৰথমগৰাকী ব্যক্তি গগৈক নতুন দায়িত্ব লাভৰ পিছত আদৰণি জনোৱাৰ বিপৰীতে আন একাংশই ইয়াৰ জৰিয়তে তেওঁৰ পদমৰ্যাদা অৱনমিত হোৱা বুলি মত ব্যক্তি কৰিছে।
ইয়াৰ মাজতে সম্প্ৰতি অসমত থকা প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে মঙলবাৰে সাংবাদিকৰ আগত কয় যে কি কাৰণে তেওঁ ৰাজ্যসভাৰ সাংসদ পদ গ্ৰহণ কৰিলে সেয়া শপত গ্ৰহণৰ পিছতে স্পষ্ট কৰিব। 'সম্ভৱতঃ মই কাইলৈকে দিল্লীলৈ যাম। প্ৰথমে শপত গ্ৰহণ কৰি লও, তাৰ পিছতে মই সংবাদ মাধ্যমৰ আগত কিয় সেয়া গ্ৰহণ কৰিলো সেই বিষয়ে বিতংকৈ জনাম।’-গুৱাহাটীত সাংবাদিকৰ আগত এইদৰে কয় গগৈয়।
ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰা প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ গগৈ
ৰঞ্জন গগৈয়ে হৈছে ৰাষ্ট্ৰপতিৰ দ্বাৰা ৰাজ্যসভালৈ মনোনীত দেশৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ। কে টি এছ তুলসীৰ কাৰ্যকালৰ অন্ত পৰাত খালী হৈ থকা আসনখনৰ বাবে ৰাষ্ট্ৰপতি কোবিন্দে মনোনীত কৰিছে অসম সন্তান ৰঞ্জন গগৈক। উল্লেখ্য যে ভাৰতীয় সংবিধান অনুযায়ী ৰাজ্যসভাত ৰাষ্ট্ৰপতি মনোনীত সদস্যাৰ সংখ্যা হৈছে ১২ গৰাকী।
ৰঞ্জন গগৈৰ পূৰ্বে ভাৰতীয় ৰাজনীতিত ৰাষ্ট্ৰপতিয়ে আজিলৈকে এগৰাকীও মুখ্য নায়াধীশ অথবা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক ৰাজ্যসভালৈ মনোনীত কৰাৰ নজিৰ নাই। একেদৰে ন্যায়পালিকাৰ পৰা সংসদ তথা সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰা লোকৰ সংখ্যাও ভাৰতীয় ৰাজনীতিত তেনেই তাকৰ।
ন্যায়াপালিকাৰ পৰা সংসদত প্ৰৱেশ কৰা আন এগৰাকী প্ৰাক্তন মুখ্য ন্যায়াধীশ হৈছে ৰংগনাথ মিশ্ৰ। দেশৰ ২১ সংখ্যক মুখ্য ন্যায়াধীশ মিশ্ৰই অৱসৰৰ পিছত কংগ্ৰেছত যোগদান কৰি ওড়িশাৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। ইয়াৰ পিছত পৰোক্ষ ৰাজনীতিলৈ গমন কৰা আনগৰাকী ন্যায়াধীশ হৈছে পি সদাশিৱম। দেশৰ ৪০ সংখ্যক মুখ্য ন্যায়াধীশগৰাকীক অৱসৰৰ পিছত নৰেন্দ্ৰ মোদী চৰকাৰে ২০১৪ চনত নিযুক্ত কৰিছিল কেৰালাৰ ৰাজ্যপাল হিচাপে।
সংবাদমেল আৰু যৌন উৎপীড়নৰ অভিযোগ
মুখ্য ন্যায়াধীশৰ আসনত অধিষ্ঠিত হোৱাৰ কেইদিনমানৰ পিছতে যোৱা এপ্ৰিল মাহত ন্যায়াধীশ গগৈৰ বিৰুদ্ধে যৌন উৎপীড়নৰ অভিযোগ উত্থাপন কৰিছিল তেওঁৰ অধীনত কৰ্মৰত এগৰাকী জুনিয়ৰ এছিষ্টেণ্টে। সেই সময়ত মুখ্য ন্যায়াধীশ গগৈয়ে উক্ত অভিযোগক ন্যায়পালিকাৰ স্বতন্ত্ৰতাত আঘাত হানি সমগ্ৰ ন্যায় ব্যৱস্থাক অস্থিৰ কৰিবলৈ কোনো দুষ্ট চক্ৰই ষড়যন্ত্ৰ চলাইছে বুলি উল্লেখ কৰি সেয়া খাৰিজ কৰিছিল।
স্মৰ্তব্য যে ২০১৮ চনৰ ১২ জানুৱাৰীত ৪৫ সংখ্যক মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ কাম-কাজত অসন্তুষ্ট হৈ ভাৰতত গণতন্ত্ৰ বিপদাপন্ন হৈ পৰিছে বুলি দাবী কৰি সংবাদ মেলৰ আয়োজন কৰিছিল উচ্চতম ন্যায়ালয়ৰ ৪ গৰাকীকৈ জ্যেষ্ঠ ন্যায়াধীশে। উক্ত সংবাদমেলৰ নেতৃত্ব বহন কৰা ৪গৰাকী জ্যেষ্ঠ ন্যায়াধীশৰ মাজত আছিল ন্যায়াধীশ ৰঞ্জন গগৈয়ো। ইয়াৰ প্ৰায় ৭ মাহ পিছতে মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হৈছিল গগৈ।