newsnextone.com | ডিজিটেল ডেস্কঃ এদিন পূৰ্বে জম্মু-কাশ্মীৰত পিডিপি-বিজেপিৰ মিত্ৰতা ভংগ হোৱাৰ পিছত বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ বিজেপি বিধায়ক তথা জম্মু-কাশ্মীৰৰ বিজেপি অধ্যক্ষ ৰবিন্দ্ৰ ৰাইনাক কোনো দুষ্ট চক্ৰই হত্যাৰ ভাবুকি প্ৰদান কৰিছে৷

বিধায়কগৰাকীক হত্যাৰ ভাবুকি দিয়া সন্দৰ্ভত তেওঁ কয়, ‘যোৱা কেইবামাহো ধৰি মোক হত্যা কৰাৰ ভাবুকি দি আহিছে৷ এয়াই নহয়, আজি মোলৈ কৰাচীৰ পৰা ধমকি দি ফোন আহিছে৷ মই এই বিষয়ে বিভাগীয় সংস্থাক অৱগত কৰিছে৷ তেওঁলোকে ইয়াৰ তদন্ত কৰিব৷’

উল্লেখ্য যে, মাত্ৰ এটা দিন পূৰ্বে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ প্ৰতিৰোধ কৰাত পিডিপি ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰি বিজেপিয়ে পিডিপিৰ সৈতে মিত্ৰতা ভংগ কৰে৷ যাৰ ফলত মেহবুবা মুফতীয়ে পদত্যাগ কৰিবলৈ বাধ্য হয়৷ ৰাজ্যখনত চৰকাৰ ভংগ হোৱাৰ পিছত নীতি অনুযায়ী ৰাজ্যখনত ৰাজ্যপাল শাসন লাগু কৰা হৈছে৷