নতুন দিল্লীঃ কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত ক্ৰমাৎ দুৰ্বল হৈ পৰা দেশৰ অৰ্থব্যৱস্থাক সুস্থিৰ কৰি ৰাখিবৰ বাবে ৰেপ’ ৰেট হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই। শুকুৰবাৰে এক সংবাদ মেলত এই কথা সদৰী কৰে কেন্দ্ৰীয় বেংকটোৰ মূৰব্বী তথা গৱৰ্ণৰ শক্তিকান্ত দাসে।
গৱৰ্ণৰগৰাকীয়ে জনোৱা মতে, কৰ’নাক লৈ সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতিলৈ চাই ৰেপ’ ৰেট ০.৭৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। ইয়াৰ ফলত বেংকৰ ঋণৰ সূতৰ হাৰ হ্ৰাস পাব। আনহাতে ৰিভাৰ্ছ ৰেপ’ ৰেটো ০.৯০ শতাংশ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বেংকটোৱে।
আৰবিআইৰ এই সিদ্ধান্তৰ ফলত এতিয়া ৰেপ’ ৰেট ৫.১৫ৰ পৰা অৱনমিত হৈ ৪.৪৫ শতাংশ আৰু ৰিভাৰ্ছ ৰেপ’ ৰেট ৪ শতাংশ হৈ পৰিব। ৰেপ’ ৰেট আৰু ৰিভাৰ্ছ ৰেপ’ ৰেট হ্ৰাস কৰাৰ ফলত বেংকসমূহৰ হাতত ঋণ প্ৰদান কৰিবলৈ অতিৰিক্ত ৩.৭৪ লাখ কোটি টকা উপলব্ধ হ’ব। আজিৰ সংবাদমেলত গৱৰ্ণৰগৰাকীয়ে বেংকসমূহক ৩ মাহৰ ইএমআই ৰেহাই দিবলৈকো পৰামৰ্শ আগবঢ়াইছে।
ইএমআই দিবলগীয়া গ্ৰাহকসকললৈ সকাহ
ৰেপ’ ৰেট হ্ৰাস কৰাৰ ফলত এই সংকটৰ সময়ত লাভান্বিত হ’ব গৃহ ঋণ, গাড়ী ঋণ আদি ঋণৰ বিপৰীতে ইএমআই দি অহা গ্ৰাহকসকল। ইয়াৰ লগতে আন বিভিন্ন ঋণৰ ইএমআই দি অহা গ্ৰাহকসকলো উপকৃত হোৱাৰ আশা কৰা হৈছে।
ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে জনোৱা মতে কেচ ৰিজাৰ্ভ ৰেচিঅ’ (CRR) ১ শতাংশ কমাই ৩ শতাংশ কৰা হৈছে। এয়া এবছৰৰ বাবে কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে বুলিও সংবাদমেলত জনাই গৱৰ্ণৰ দাসে। এই সিদ্ধান্তৰ ফলত বেংকিং ব্যৱস্থালৈ অতি কমেও ১.৩৭ লাখ কোটি টকাৰ আগমন ঘটিব।
এইসমূহৰ লগতে সকলো বাণিজ্যিক বেংকসমূহকো সুতৰ হাৰ আৰু ঋণৰ ক্ষেত্ৰত ৰেহাই প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলিও জনায় গৱৰ্ণগৰাকীয়ে। সংবাদমেলখনত তেওঁ কৰ’না ভাইৰাছৰ ফলত সমগ্ৰ বিশ্বতে আৰ্থিক মন্দাৱস্থাই দেখা দিব বুলিও আংশকা প্ৰকাশ কৰে।
উল্লেখ্য যে, আৰ্থিক বিকাশৰ মন্থৰ গতিলৈ চাই বিগত বৰ্ষত ৫ বাৰকৈ আৰবিআইয়ে একাধিক নীতি সলনি কৰিলেও ডিচেম্বৰৰ পিছত এনেধৰণৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাছিল। আজি এই সিদ্ধান্তসমূহৰ কথা সদৰী কৰাৰ লগতে গৱৰ্ণৰগৰাকীয়ে আৰু জনাই যে মুদ্ৰা নীতি সমিতিয়ে এইবাৰ আৰ্থিক অনিশ্চয়তালৈ চাই আৰ্থিক বিকাশৰ হাৰ তথা মুদ্ৰাস্ফীতি সন্দৰ্ভত কোনোধৰণৰ পূৰ্বানুমান প্ৰকাশ কৰা নাই।