♦ পুলৱামা কাণ্ডক গৰিহণা

গুৱাহাটীঃ সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাখন দেওবাৰে গুৱাহাটীৰ শিলপুখুৰীৰ জাগৰণ অতিথিশালাত অনুষ্ঠিত হয়৷ সংগঠনটোৰ সভাপতি হাফিজুল আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে সাধাৰণ সম্পাদক আজিজুল ৰহমানে৷ 

সভাই যোৱা ১৪ ফেব্ৰুৱাৰীত পুলৱামাত পাকিস্তানী সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত নিহত হোৱা শ্বহীদ চি আৰ পি এফ জোৱানৰ আত্মাৰ সদ্গতি কামনা কৰি প্ৰাৰ্থনা জনাই শ্বহীদৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷ সংগঠনটোৱে সন্ত্ৰাসবাদীৰ এনে কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দি দেশৰ লোকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা দিয়াৰ দাবী জনায় চৰকাৰক৷

ইয়াৰ লগতে বৰ্দ্ধিত সভাই কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, চমুকৈ এন আৰ চিৰ খচৰাত নাম অন্তৰ্ভুক্ত গৰিয়া, মৰিয়া, দেশী আদি জনগোষ্ঠীৰ একাংশ লোকক বিদেশী ন্যায়াধিকৰণে পুনৰ জাননি প্ৰদান কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ 

সংগঠনটোৰ সভাপতি হাফিজুল আহমেদ আৰু সাধাৰণ সম্পাদক আজিজুল ৰহমানে সভাত মত ব্যক্ত কৰি কয় যে একাংশ লোকৰ ষড়যন্ত্ৰৰ কবলত পৰি ঐতিহ্যমণ্ডিত গৰিয়া, মৰিয়া, দেশী জনগোষ্ঠীৰ লোকক ডি-ভোটাৰ হ’বলগীয়া হৈছে। এন আৰ চিৰ খচৰাত নাম প্ৰকাশ পোৱা একাংশ লোকক বিদেশী ন্যায়াধিকৰণে জাননি দিবলৈ আৰম্ভ কৰিছে৷ এনে কাৰ্য অত্যন্ত দুৰ্ভাগ্যজনক৷ 

অনতিপলমে চৰকাৰে এনে কাণ্ডৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় সংগঠনটোৱে৷ আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্যৰ বি জে পি চৰকাৰৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০১৯-২০ বৰ্ষৰ বাজেটত অসমৰ খিলঞ্জীয়া মুছলমানৰ বাবে ১০০ কোটি টকা ধাৰ্য কৰা, আৰ্থিক-সামাজিক জৰীপ কৰা, নিগম গঠন কৰাৰ বাবে ঘোষণা কৰাত চৰকাৰক ধন্যবাদ যাচা হয়৷

চৰকাৰে গঠন কৰিবলগীয়া উন্নয়নৰ নিগমখনৰ নাম কোনো ধৰ্মৰ নামেৰে ৰখাৰ বিপৰীতে গৰিয়া-মৰিয়া-দেশী নামেৰে ৰখাৰ দাবী জনায় সংগঠনটোৱে৷