কামপুৰঃ পুনৰ ফাদিল হ’ল জনকল্যাণমূলক আঁচনি ৰূপায়নত থকা বেমেজালি৷ নগাঁও জিলাৰ দক্ষিণ কামপুৰ সমবায় সমিতিৰ গুদামত পচিল বস্তাই বস্তাই খাদ্য সুৰক্ষা অাঁচনিৰ চাউল। আজি এই বিয়াগোম অপচয়ৰ কথা পোহৰলৈ আহে।
ফলত চাউল লাভৰ পৰা বঞ্চিত হ'ল সমবায় সমিতিখনৰ অন্তৰ্গত শতাধিক দৰিদ্ৰ পৰিয়াল৷ সমবায় সমিতিখনৰ সভাপতি, সম্পাদক অাৰু একাংশ এজেন্টৰ গাফিলতিৰ বাবেই গুদামতে পচি নষ্ট হ'ল প্ৰায় ৫০ কুইণ্টল খাদ্য সুৰক্ষা অাঁচনিৰ চাউল।
ফলত এতিয়া শতাধিক দৰিদ্ৰ পৰিয়ালে এমুঠি চাউলৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। ইয়াৰ বিপৰীতে সমবায় সমিতিৰ সভাপতি অাৰু এজেণ্টে দায়িত্বজ্ঞানহীন মন্তব্য কৰিছে৷ বঞ্চিত ৰাইজে সমবায় সমিতিৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ যোগান বিভাগক দাবী জনাইছে৷ অন্যথা দৰিদ্ৰ লোকৰ জীৱনৰ সৈতে একাংশই হেতালি খেলি থাকিব বুলি ৰাইজে মতপোষণ কৰিছে৷