ৰোহতকঃ হাৰিয়ানাত ৫০ খন গাড়ী পৰস্পৰৰ মাজত খুন্দা খোৱাৰ ফলত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। ঘন কুঁৱলীৰ ফলত হাৰিয়ানাৰ ৰোহতক ঘাইপথৰ ঘটনাত এখন স্কুল বাছো আছিল৷ এই ঘটনাত ৮ জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়৷
হাৰিয়ানাৰ ঝাজ নামৰ এলেকাত এই কাণ্ড সংঘটিত হয়৷ দুৰ্ঘটনা হোৱাৰ পাছত ২ কিল'মিটাৰ পৰ্যন্ত দীঘলীয়া যান-জঁট লগাত ঘটনাস্থলিৰপৰা ক্ষতি হোৱা গাড়ীসমূহক আঁতৰোৱা হৈছে৷
উল্লেখ্য যে, যোৱা বছৰ কুৱঁলীৰ বাবে লখনৌ আৰু আগৰাত ১০ খন গাড়ী, এই বছৰৰ নৱেম্বৰত যমুনা এক্সপ্ৰেছত প্ৰায় ২০ খন গাড়ী পৰস্পৰৰ মাজত খুন্দা খাই এক বৃহৎ পথ দুৰ্ঘটনা সংঘটিত হৈছিল৷
দেশৰ ৰাজধানী দিল্লীৰ লগতে উত্তৰ ভাৰতৰ বেছিভাগ ঠাইতেই ভীষণ ঠাণ্ডা পৰিছে৷ য’ত দিল্লীৰ তাপমান ৪ ডিগ্ৰী চেলছিয়াছৰ তলত, আনফালে হাৰিয়ানাৰ কৰনাল চহৰত দেওবাৰৰ তাপমাত্ৰাই ০ ডিগ্ৰীৰ তলতলৈ যায়৷ ৰোহতকত ৩.৮ ডিগ্ৰী চেলছিয়াছৰ তলতলৈ তাপমাত্ৰা নমাত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷