মোৰাঝাৰঃ হোজাইত আৰএছএছৰ নেতাই কৰিলে ইফতাৰ৷ কথাষাৰ শুনিবলৈ আচহুৱা যেন লাগিলেও এয়াই সত্য৷ সততে মুছলিম বিৰোধী বুলি চৰ্চাত থকা আৰএছএছৰ নেতাই নাগপুৰৰ পৰা আহি হোজাইত কৰিলে ইফতাৰ৷
হোজাইৰ ব্যৱসায়ী তথা আছিয়ান বিজনেছ কাউন্সিলৰ লাউছ শাখাৰ সভাপতি হবিব মহম্মদ চৌধুৰীয়ে আজি হোজাইস্থিত বাসভৱনত আয়োজন কৰা ইফতাৰ পাৰ্টিত ভাগ লয় নাগপুৰৰ আৰএছএছৰ প্ৰতিনিধিয়ে৷
বিজেপিৰ মুখপাত্ৰ তথা আৰএছএছৰ নেতা প্ৰমোদ স্বামীয়ে জামাতে উলেমা হিন্দৰ ৰাষ্ট্ৰীয় আহ্বায়ক শুৱাইব কাছিমীয়ে ইফতাৰ পাৰ্টিত অংশ গ্ৰহণ কৰে৷
ইমানেই নহয় জাতি-ধৰ্ম নিৰ্বিশেষে হোজাই জিলাৰ তিনি শতাধিক লোকে অংশগ্ৰহণ কৰা এই ইফতাৰ পাৰ্টিত ৰাজ্যিক সংখ্যালঘু বোৰ্ডৰ অধ্যক্ষ তথা বিজেপিৰ সংখ্যালঘু নেতা মমিনুল আৱাল, বিজেপি নেতা জিতু গোস্বামী উপস্থিত থকে৷
হোজাইৰ সুনাগৰিক ফয়জুল হক, ছামচুল হক চৌধুৰী, অনুপ কুমাৰ বৰঠাকুৰ, ডাঃ আদিত্য লাংথাছায়ো এই ইফতাৰত অংশগ্ৰহন কৰে৷ হবিব মহম্মদ চৌধুৰীয়ে সাংবাদিকক কয় যে বৰ্তমান দেশত সাম্প্ৰদায়িক সংহতি বিনষ্ট কৰিবলৈ চেষ্টা চলাই থকাৰ বিপৰীতে হিন্দু-মুছলমানৰ পৰস্পৰৰ ঐক্য অনাৰ স্বাৰ্থত ইফতাৰৰ আয়োজন কৰা হৈছে৷