newsnextone.com | ডিজিটেল ডেস্কঃ ইস্তাম্বুলৰ পৰা দিল্লী অভিমুখে আহি থকা বিমানত মহিলাৰ কাষত বহি অশ্লীল আচৰণ কৰা এগৰাকী ব্যক্তিত আটক কৰা হৈছে৷ 

জানিবলৈ পোৱা মতে, এগৰাকী ভাৰতীয় মহিলাৰ কাষৰ আসনত বহি এজন ৰুচ দেশৰ পৰ্যটকে অশ্লীল আচৰণ কৰে৷ ব্যক্তিজনে মহিলাগৰাকীৰ সন্মুখত দেহৰ পোছাক খুলি অসভ্যালি কৰিবলৈ আৰম্ভ কৰে৷ 

মহিলা গৰাকীয়ে পুৰুষজনৰ অসভ্য আচৰণৰ বিষয়ে বিমানৰ কেবিন ক্ৰিউৰ ওচৰত অভিযোগ কৰে৷ ইয়াৰ পিছতে ব্যক্তিজনক মহিলা গৰাকীৰ কাষৰ আসনৰ পৰা উঠাই নি আন আসনত বহিবলৈ দিয়া হয়৷ 

আনহাতে মহিলাৰ সন্মুখত অশ্লীল আচৰণ কৰা ব্যক্তিজনৰ বিৰুদ্ধে সতৰ্ক বাণী দি ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত সুৰক্ষা নিয়ন্ত্ৰণ কক্ষই ঘোষণা কৰি জনায় যে তুৰ্কীৰ এখন বিমানত এগৰাকী উদণ্ড ব্যক্তিয়ে যাত্ৰা কৰি আছে৷

বিমানখন ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতে সুৰক্ষা বিভাগে ৰুচিয়ান ব্যক্তিজনক আটক কৰি ভাৰতীয় দণ্ডবিধিৰ কেইবাটাই ধাৰাৰ অধীনত গোচৰ ৰুজু কৰে৷