ষড়ানন বৰা, চামগুৰিঃ নগাঁও জিলাৰ চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাই শনিবাৰে এডাল ৰজা ফেটি সাপ উদ্ধাৰ কৰে।

জীয়াজুৰি চাহ বাগানত কৰ্মচাৰী সকলে কাম কৰি থকা অৱস্থাত বৃহৎ আকৃতিৰ সাপডাল দেখি হুৱা-দুৱা লগায়। পাছত ঘটনাৰ খবৰ পাই প্ৰায় ১৪ ফুট দৈৰ্ঘ্যৰ সাপ ডাল প্ৰকৃতিপ্ৰেমী গৰাকীয়ে সাহসীকতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

পাছত বিৰল প্ৰজাতিৰ ৰজা ফেঁটি সাপ ডাল বিনোদ দুলু বৰাই চাপানালাৰ চোৱাং বনাঞ্চলত এৰি দিয়ে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাক এই কাৰ্যত মেঘ্না বৰাৰ লগতে বহুলোকে যথেষ্ট সহায়ৰ হাত আগবঢ়াইছিল।