ষড়ানন বৰা,চামগুৰিঃ অপৰিৱৰ্ত্তিত চামগুৰিৰ বান পৰিস্থিতি। চামগুৰিৰ লাওঁখোৱাৰ সমীপৱৰ্তী তথা শোণিতপুৰ জিলাৰ অন্তৰ্গত বুঢ়াচাপৰিৰ বন্যপ্ৰাণী অভয়াৰণ্যখনৰ লগতে নিকটৱৰ্তী বুঢ়াচাপৰি ধনীয়া গাঁৱতো ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে সৃষ্টি কৰিছে চূড়ান্ত প্ৰলয়ৰ। 

বাৰিষাৰ প্ৰথমটো প্ৰলয়ংকাৰী বানে ভাবুকি কঢ়িয়াই আনিছে অভয়াৰণ্য আৰু জনাঞ্চল দুয়োলৈকে। এফালে ব্ৰহ্মপুত্ৰৰ বানে প্লাবিত কৰিছে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ বিস্তীৰ্ণ এলেকা। বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যলৈ অহা একমাত্ৰ পকী পথটোও বৃহস্পতিবাৰে বিয়লি ছিঙি নিয়া সমান্তৰালভাৱে মাত্ৰ দুটাকৈ বন শিবিৰৰ বাহিৰে অভয়াৰণ্যখনৰ প্ৰায় দহটাকৈ বন শিবিৰ সম্প্ৰতি বাঢ়নী পানীৰ তলত। 

বন্যপ্ৰাণী সমূহেও বৰ্তমান আশ্ৰয় লৈছে অভয়াৰণ্যখনৰ ভিতৰত থকা হাইলেন অথবা ওখ টিলাবোৰত। বন বিষয়া তথা বনৰক্ষী সকলে অভয়াৰণ্যখনৰ ভিতৰত যাতায়তৰ বাবে ব্যৱহাৰ কৰিবলগীয়া হৈছে টুলুঙা নাও। আনফালে, অভয়াৰণ্যৰ গাতে লাগি থকা ধনীয়া গাঁওখনো এতিয়া নিঃচিহ্ন হোৱাৰ উপক্ৰম ঘটিছে। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ প্ৰকোপত পৰি এতিয়া নিজৰ ঘৰ-দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিবলৈ বাধ্য হৈছে পূৰ্বৰে পৰা প্ৰৱল গৰাখহনীয়াই ভৰাক্ৰান্ত কৰা গাঁওখনৰ বাকী থকা পৰিয়াল কেইটাই। 

পৰৱৰ্তী সময়ত চামগুৰিৰ নৈ পৰীয়া বৃহত্তৰ অঞ্চলটোকে ধৰি বুঢ়াচাপৰিত বান পৰিস্থিতি অধিক অৱনতি ঘটিলে বন্যপ্ৰাণী অভয়াৰণ্য খনৰ জীৱকূলৰ প্ৰতি চৰম ভাবুকি আহি পৰাৰ বিপৰীতে সম্পূৰ্ণ ৰূপে নিঃচিহ্ন হৈ পৰিব বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তিম ৰক্ষা কৱচ স্বৰূপ ধনীয়া গাঁওখন।