♦ বিতৰ্কত কোৱাৰি পৰিদৰ্শন নগাঁৱৰ দুই বন বিষয়াৰ
ষড়ানন বৰা, চামগুৰিঃ সম্প্ৰতি ধাৰাবাহিক বিস্ফোৰণত কঁপিছে চামগুৰিৰ এটা অঞ্চল। নিজৰ ঘৰ-বাৰি এৰি কণ-কণ শিশু সহ অঞ্চলটোৰ সকলো ঢাপলি মেলিবলৈ বাধ্য হৈছে নিৰাপদ স্থানলৈ। এনে ধৰণৰ ঘটনা এতিয়া সঘনাই ঘটিবলৈ ধৰিছে নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী ঢোল পাহাৰত।
শালনা আঞ্চলিক বন বিভাগৰ অধীনৰ ঢোল পাহাৰত চৰকাৰী অনুমতি লৈ নতুনকৈ শিল ভঙাৰ কাম আৰম্ভ কৰা জনৈক বনিক উপাধিৰ এজন লোকৰ এটা শিলৰ কোৱাৰিত বৃহৎ-বৃহৎ আকাৰৰ শিল ভাঙিবলৈ বেপৰোৱাহ ভাবে প্ৰায়ে কৰা অনিয়ন্ত্ৰিত বিস্ফোৰণৰ ফলত চুড়ান্ত ৰূপে ক্ষতিগ্ৰস্থ হৈছে নিকটবৰ্তি কঠাগুৰিৰ স্থানীয় ৰাইজৰ জনজীৱন।
মহলদাৰে আগতীয়াকৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাকৈয়ে কোৱাৰিটোত নীতি বহিৰ্ভূতভাৱে কৰা মাত্ৰাধিক প্ৰাৱল্যৰ বিস্ফোৰণ ফলত উফৰি পৰা সৰু-বৰ আকাৰৰ শিলে কাষৰ বহু সংখ্যক লোকৰ ঘৰ-বাৰি, গছ-গছনি বিধ্বস্ত কৰাৰ উপৰিও বৃহত্তৰ অঞ্চলটোৰ কণ-কণ শিশুৰ জীৱন তথা পৰিয়ালটোৰ লোকসকলৰ ভৱিষ্যতকলৈ শংকা আহি পৰাৰ অভিযোগ স্থানীয় ৰাইজে উত্থাপন কৰিছে কোৱাৰি কৃতপক্ষৰ বিৰুদ্ধে।
দীৰ্ঘদিন ধৰি কেৱল কোৱাৰি কৃতপক্ষকেই নহয় নগাঁও জিলাৰ তদানীন্তন উপায়ুক্ত, নগাঁও জিলা বন বিভাগৰ লগতে চামগুৰি আৰক্ষী থানাত প্ৰত্যক্ষ ভাবে কঠালগুৰিৰ স্থানীয় ৰাইজে লিখিত অভিযোগ দাখিল কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে সম্প্ৰতি চুড়ান্ত ভাবে অসন্তুষ্ট ভুক্তভোগী পৰিয়াল সমূহ।
ইমানৰ পিছতো পুনৰ কোৱাৰিটোত বিগত বহু কেইবাৰৰ লগতে শেহতীয়াকৈ সোমবাৰে উচ্চ প্ৰাৱল্যৰ বিস্ফোৰণ ঘটোৱাৰ ফলত মহলদাৰ পক্ষৰ বিৰুদ্ধে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে সীমাহীন শংকাৰ মাজত দিন কাটাবলৈ বাধ্য হোৱা কাঠালগুৰিৰ ক্ষুব্ধ ৰাইজে। ইফালে অঞ্চলটোত পৰিস্থিতি অধিক বেয়া হৈ পৰাৰ পূৰ্বেই মঙ্গলবাৰে বিয়লি ততাতৈয়াকৈ কোৱাৰিটোত নগাঁও জিলা বন বিভাগৰ দুজকৈ সহকাৰী বন সংৰক্ষক বিষয়া উপস্থিত হৈ পৰ্য্যবেক্ষণ কৰাৰ উপৰিও দুয়োপক্ষৰ লগত আলোচনাত মিলিত হয়।
ভুক্তভোগি ৰাইজৰ দাবী শীঘ্ৰে সংশ্লিষ্ট বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ কৰি বন্ধ কৰি দিব লাগে বণিকৰ কোৱাৰিটো আৰু ইয়াৰ জৰিয়তে ৰাইজৰ তথা চাৰিওফালৰ সেউজ পৰিবেশৰ সুৰক্ষা প্ৰদান কৰিব লাগে দ্বায়িত্বত থকা চৰকাৰী আমোলা বিষয়াসকলে।
এতিয়া প্ৰশ্ন হয়, নগাঁও জিলাৰ দুজকৈ উচ্চ পদস্থ বন বিষয়াই বিতৰ্কিত কোৱাৰিটোত পৰিদৰ্শন কৰি যোৱাৰ পিছত নাকি লগাব পাৰিবনে বেপৰোৱাহী বণিকৰ কোৱাৰিটোক? নিয়ন্ত্ৰিত হবনে বিস্ফোৰণৰ প্ৰাৱল্য? ক্ষতিপূৰণ পাবনে ক্ষতিগ্ৰস্ত লোকসকলে? পাবনে ভৱিষ্যৎ জীৱনৰ নিৰাপত্তা? নে পুনৰ চকু মুদা কুলিৰ দৰে একাংশ পুঁজিপতি বণিক গোষ্ঠীৰ স্বাৰ্থৰ বাবে অঞ্চলবাসীক যি হয় হ'বলৈ এৰি দি ৰহস্যজনকভাৱে নিৰব হৈ পৰিব সেই দুজন বন বিষয়া তথা বিয়াগোম চৰকাৰী সংশ্লিষ্ট বিভাগটো!
ইয়াকেলৈ এতিয়া বিস্ফোৰণৰ আতংকত অধিক চিন্তিত হৈ পৰিছে চামগুৰিৰ কঠালগুৰিৰ স্থানীয় ভুক্তভোগি ক্ষুব্ধ ৰাইজ।