‘‘কংগ্ৰেছৰ নীতি হৈছে দুৰ্নীতি-ভ্ৰষ্টাচাৰ, বিজেপিৰ নীতি হৈছে সম্প্ৰীতি-সমঅধিকাৰ’’-সৰ্বানন্দ সোনোৱাল

ধিং পূজাবাৰীৰ পৰা জয়ন্ত মুদৈ, নগাঁওঃ ‘বিজেপি চৰকাৰে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে লগত লৈ উন্নয়নৰ দিশে অগ্ৰসৰ হৈছে। কেন্দ্ৰত পাঁচ বছৰ, ৰাজ্যত দুবছৰ দহমাহ বিজেপি চৰকাৰৰ এই সময়ছোৱাত আজিকোপতি ক’তো জাতিগত সংঘৰ্ষ হোৱা নাই। সকলো জাতি-জনগোষ্ঠীৰ মাজত সমন্বয় সম্প্ৰতি গঢ়ি তোলাই বিজেপি দলৰ আদৰ্শ। ধিং সমষ্টিত শতকৰা ৯৮ শতাংশ সংখ্যালঘূ ভোটাৰ তথা বিধায়ক জনো বেলেগ দলৰ ৷ তথাপিও উন্নয়নৰ স্বাৰ্থত আমাৰ চৰকাৰে সমঅধিকাৰ প্ৰদান কৰিছে ৰাইজৰ স্বাৰ্থত।' এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ।

আজি কলিয়াবৰ লোকসভা সমষ্টিৰ অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মনি মাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা নগাঁও জিলাৰ বটদ্ৰৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত ধিং পূজাবাৰীত অনুষ্ঠিত এখন বিশাল সভাত অংশ গ্ৰহণ কৰি কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰি মুখ্যমন্ত্ৰী সোনোৱালে লগতে কয় যে- 'কংগ্ৰেছে আভুৱা ভৰা প্ৰতিশ্ৰুতি আৰু দুৰ্নীতিৰ আশ্ৰয় লৈ বিগত ৫৫ বছৰে ৰাইজক ঠগি আহিছে। আচলতে ভাই-ককাইৰ মাজত বিবাদ লগাই  নিজৰ স্বাৰ্থ সিদ্ধি কৰাই হৈছে কংগ্ৰেছ দলৰ আদৰ্শ। 

কংগ্ৰেছৰ নীতি হৈছে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ ৷ কিন্তু আমাৰ বিজেপি দলৰ নীতি হৈছে সম্প্ৰীতি আৰু সমঅধিকাৰ। সমগ্ৰ দেশতে আজি কংগ্ৰেছৰ ভেটি থৰক-বৰক। বিজেপি চৰকাৰে দুখীয়া দৰিদ্ৰ লোকৰ কল্যাণৰ বাবে বিভিন্ন আঁচনি ৰূপায়ন কৰি আহিছে যদিও ক’তো দূৰ্নীতিক প্ৰশ্ৰয় দিয়া নাই। ভাষণ প্ৰসংগত তেওঁ কলিয়াবৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মনিমাধৱ মহন্তক হাতীৰ ছবিত ভোট দি জয়যুক্ত কৰাই নৰেন্দ্ৰ মোডীৰ হাত মজবুুত কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাই। 

অগপৰ হোজাই জিলা সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে উদ্ধোধনী ভাষন দিয়া সভাখনত অগপৰ কাৰ্যকৰী সভাপতি তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই কয় যে- 'আপোনালোকৰ আশীৰ্বাদতেই মই কলিয়াবৰ লোকসভা সমষ্টিৰ পৰাই সাংসদ হিচাপে মোৰ ৰাজনৈতিক জীৱনৰ প্ৰথম পাতনি মেলিছিলো। সেয়ে আপোনাসবৰ ওচৰত মই ধন্য। 

উন্নয়নৰ স্বাৰ্থত আমি সকলোৱে ঐক্যবদ্ধ হৈ মিত্ৰৰজোঁট প্ৰাৰ্থী মনি মাধৱ মহন্তক হাতীৰ ছবিত ভোট দি বিপুল ভোটত জয়যুক্ত কৰাব লাগিব। বিগত সময়চোৱাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে নিজৰ পুত্ৰ গৌৰৱ গগৈক জয়যুক্ত কৰাবলৈ সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত সমূহত অপপ্ৰচাৰত লিপ্ত হৈ কূট-কৌশল ৰচনা কৰিছিল। কিন্তু এতিয়া সংখ্যালঘু ৰাইজ সজাগ হৈছে ৷ 

ৰাইজে তেওঁলোকৰ মিথ্যাচাৰ বুজি পাইছে। বটদ্ৰৱা বিধান সভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই সভাত ভাষন দি কয় যে- ‘সাংসদ গৌৰৱ গগৈয়ে বিগত পাঁচ বছৰত বটদ্ৰৱা থানৰ লগতে সমষ্টি উন্নয়ত পিঠি দি নিৰ্দিষ্ট কেইজনমান দালালক লগত লৈ কাৰ্যকাল শেষ কৰিলে। তেওঁৰ সাংসদ পুঁজিৰ দ্বাৰা কেৱল নিৰ্দ্দিষ্ট কেইজনমান দালালৰহে উন্নতি হ’ল। ৰাইজ এইবাৰ গৌৰৱ গগৈৰ প্ৰতি মোহভংগ হৈছে। 

প্ৰয়াত প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ নামেৰে নামাংকিত আঁচনি ইন্দিৰা আৱাস যোজনাটো কংগ্ৰেছৰ নেতা পালিনেতাই  দুৰ্নীতিত লিপ্ত হৈ প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীকো অপমান কৰিছে। সভাত বিজেপি নেতা ব্ৰজেন কাকতি, বিজেপি কলিয়াবৰ জিলাৰ সভাপতি অনিল শইকীয়া, অগপ নেত্ৰী মামনি বৰা, সংখ্যালঘূ নেতা গুলজাৰ হুুছেইন, প্ৰাক্তন বিধায়ক মোবাৰক আলী পাঠান, আকাশদ্বীপ ডেকা, কলিয়াবৰ জিলা কৃষাণ মৰ্চাৰ সম্পাদক মিন্টু বৰাকে প্ৰমুখ্য কৰি প্ৰায় তিনি সহস্ৰাধিক লোক উপস্থিত থাকে।