অসীম ডেকা, সৰ্থেবাৰী
কলগছিয়াঃ পশ্চিমবংগত চিকিৎসকৰ ওপৰত চলা হিসাংত্মক ঘটনাৰ বিৰুদ্ধে সৰ্বভাৰতীয় চিকিৎসক সন্থাই সোমাবাৰে সমগ্ৰ দেশতে চিকিৎসকৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰে।
এই আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়াই অসম চৰকাৰী চিকিৎসা সন্থাই। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এই আন্দোলনৰ সম্পূৰ্ণ প্ৰভাৱ পৰে বৰপেটা অসামৰিক চিকিৎসালয় কলগছিয়াত৷
আজি ৰাতিপুৱা ৪ বজাৰপৰা ১০ বজালৈ চিকিৎসালয়ৰ চিকিৎসকসকলে কৰ্মবিৰতি পালন কৰে৷ অৱশ্যে এই কৰ্মবিৰতিৰ কাৰ্যসূচীৰ সময়ত জৰুৰীকালীন চিকিৎসা সেৱাক ৰেহাই দিয়ে। উল্লেখযোগ্য যে, কলিকতাত চিকিৎসকক প্ৰহাৰ কৰা ঘটনাকলৈ সমগ্ৰ দেশতে চিকিৎসকসকলে ২৪ ঘন্টীয়া কৰ্মবিৰতি পালন কৰিছিল যদিও ৰোগীৰ প্ৰতি লক্ষ্য কৰি এই কাৰ্যসূচী মাত্ৰ ২ ঘন্টালৈ হ্ৰাস কৰে বুলি জানিবলৈ দিয়ে ডা: ইউনিছ ছেলীমে ( বৰপেটা অসামৰিক চিকিৎসালয়,বৰপেটা)। লগতে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে চিকিৎসকৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী উত্থাপন কৰে।