ঢেকীয়াজুলিঃ শোণিতপুৰ জিলাৰ ঠেলামৰাৰ তেলিগাঁৱত আজি কিষাণ ক্ৰেডিট কাৰ্ড সন্দৰ্ভত এখন কৃষক সংযোগ সভা অনুষ্ঠিত হয়। ভাৰতীয় ষ্টেট বেংকৰ তেলিগাঁও শাখা কৰ্তৃপক্ষই আয়োজন কৰা এই সভাত শতাধিক কৃষক ৰাইজে অংশগ্ৰহণ কৰে।

সভাখনত বেংক কৰ্তৃপক্ষই চৰকাৰৰ সৈতে সহযোগিতা আগবঢ়াই বেংকসমূহে কৃষি কৰ্মত নিয়োজিত লোকসকলক কিদৰে সুবিধা প্ৰদান কৰি আহিছে সেই বিষয়ে অৱগত কৰে। 

শাখাটোৰ পৰিচালক বিমল বড়ো আৰু ক্ষেত্ৰ বিষয়া ড° সংগীতা কাকতিয়ে বেংকৰ জৰিয়তে কৃষক সদায় উপকৃত হৈ আহিছে বুলি কয়৷ নিজৰ লাভা-লাভৰ বাবে বেংকৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলিবলৈকো কৃষক ৰাইজক আহ্বান জনায় বিষয়া দুগৰাকীয়ে।

সভাখনত বিশিষ্ট অতিথি হিচাপে প্ৰজাপতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰবীন চন্দ্ৰ নাথ, প্ৰাক্তন শিক্ষক তথা সমাজকৰ্মী সুৰেন খনাল, নৰবাহাদুৰ কাৰ্কী, সংবাদ কৰ্মী ভূপেন নাথ আদি উপস্থিত থাকে৷