নতুন দিল্লীঃ উচ্চতম ন্যায়ালয়ে মঙলবাৰে দেশৰ দুই শক্তিশালী ৰাজনৈতিক দলৰ মুখ ক’লা কৰি পেলোৱা পৰিলক্ষিত হৈছে৷ বি জে পি আৰু কংগ্ৰেছৰ মূল নেতাত্ৰয় ক্ৰমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কংগ্ৰেছৰ প্ৰাক্তন আৰু এতিয়াৰ মুৰব্বী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে পৃথক পৃথক গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয় সন্মত হৈছে৷

২০০২ চনত সংঘটিত কুখ্যাত গুজৰাট সাম্প্ৰদায়িক সংঘৰ্ষত তদানীন্তন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীক উচ্চ ন্যায়ালয়ে নিৰ্দোষী বুলি দিয়া ৰায়ক প্ৰত্যহ্বান জনাই কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে৷ 

আহমেদাবাদৰ গুলবাৰ্গ ছ’চাইটীত সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত হোৱা হত্যাযজ্ঞত মৃত্যু হোৱা কংগ্ৰেছৰ সাংসদ ইহছান জাফৰিৰ পত্নী জাকিয়া জাফৰিয়ে উচ্চতম ন্যায়ালত জনোৱা এই আবেদন সৰ্বোচ্চ আদালতখনে গ্ৰহণ কৰি অহা সোমবাৰে ইয়াৰ শুনানিৰ দিন ধাৰ্য কৰিছে৷

উল্লেখ্য যে যোৱা বছৰ গুজৰাট উচ্চ ন্যায়ালয়ে এই গোচৰৰ বিচাৰৰ অন্তত এই সংঘৰ্ষক ‘বৃহৎ ষড়যন্ত্ৰ’ বুলি আখ্যা দি বিশেষ তদন্তকাৰী গোটৰ আদালতৰ ৰায় বাহাল ৰাখিছিল৷ ২০০২ চনৰ ২৮ ফেব্ৰুৱাৰীত গুলবাৰ্গ ছ’চাইটীত ৬৯ জন লোকক হত্যা কৰা হৈছিল৷

ইফালে, নেচনেল হেৰাল্ড অনিয়মত আয়কৰ বিভাগে জাৰি কৰা জাননীৰ বৈধতা সন্দৰ্ভত ৰুজু কৰা শুনানিও উচ্চতম ন্যায়ালে গ্ৰহণ কৰিব বুলি সোমবাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই কাকতখনৰ ক্ৰয়-বিক্ৰয়ৰ সময়ত বৃহৎ পৰিমাণৰ কৰ ফাকিৰ অভিযোগ উত্থাপিত হৈছে৷

কংগ্ৰেছৰ নেত্ৰী ছোনিয়া গান্ধী, দলটোৰ অধ্যক্ষ ৰাহুল গান্ধী আৰু জ্যেষ্ঠ নেতা অস্কাৰ ফাৰ্ণানদেছৰ বিৰুদ্ধে জাৰি কৰা জাননী সংক্ৰান্তীয় গোচৰৰ শুনানিৰ দিন ৪ ডিচেম্বৰত ধাৰ্য কৰা হৈছে৷