ডিজিটেল ডেস্কঃ ব্যক্তিগত গোপনীয়তা ৰক্ষাৰ অধিকাৰ নাগৰিকৰ মৌলিক অধিকাৰ৷ ঐতিহাসিক ৰায়দানৰ জৰিয়তে এয়া স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে৷

তিনি সপ্তাহ ধৰি চলা তৰ্ক-বিতৰ্কৰ অন্তত বৃহস্পতিবাৰে এই ৰায় দান কৰে মুখ্য ন্যয়াধীশ জে এছ খেহৰ নেতৃত্বাধীন ৯ বিচাৰপতিৰ বিচাৰপীঠে৷ এই ৰায়ৰ ভিত্তিতে এতিয়া আধাৰ কাৰ্ড গোচৰৰ শুনানি হ’ব৷

এম পি শৰ্মা গোচৰত ৮ বিচাৰপতিৰ বিচাৰপীঠ আৰু ছড়ক সিং গোচৰত ৬ বিচাৰপীঠে ৰায় দিছিল যে গোপনীয়তা ৰক্ষাৰ অধিকাৰ মৌলিক অধিকাৰ নহয়৷ সেই ৰায়কেই আজি খাৰিজ কৰে উচ্চতম ন্যায়ালয়ৰ ৯ বিচাৰপতিৰ বিচাৰপীঠে৷

ৰায় পাঠ কৰি শুনোৱাৰ সময়ত বিচাৰপতি জে চেলামেশ্বৰে কয়, ‘গোপনীয়তা ৰক্ষাৰ অধিকাৰ ২১ নম্বৰ ধাৰাৰ দ্বাৰা সুৰক্ষিত আৰু এইটো সংবিধানৰ অবিচ্ছেদ্য অংশ, লগতে জীয়াই থকাৰ অধিকাৰৰ দৰেই সহজাত৷’

উচ্চতম ন্যায়ালয়ে আৰু জনাই যে ১৯৫৪ চনৰ এম পি শৰ্মা গোচৰত ৮ সদস্যাৰ বিচাৰপীঠে গোপনীয়তা ৰক্ষাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়া নাছিল৷ সেই সিদ্ধান্ত সঠিক নাছিল বুলিও সৰ্বোচ্চ ন্যায়ালয়ে আজি স্পষ্ট কৰি দিয়ে৷

উল্লেখ্য যে গোপনীয়তা ৰক্ষাৰ অধিকাৰ মৌলিক অধিকাৰ হ’ব নোৱাৰে বুলি বাৰম্বাৰ দাবী জনাই আহিছিল এটৰ্ণি জেনেৰেল কে কে বেণুগোপাল ৰাওৱে৷ অৱশ্যে আজি তেওঁ সৰ্বোচ্চ ন্যায়ালয়ৰ এই ৰায়ক আদৰণি জনায়৷