newsnextone.com | ডিজিটিল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ এক ঐতিহাসিক ৰায় যোগে এতিয়াৰ পৰা দিল্লী চৰকাৰৰ কোনো সিদ্ধান্তত ৰাজ্যপালৰ অনুমতিৰ প্ৰয়োজন নাথাকিব বুলি স্পষ্ট কৰে৷ ৰাজ্যপালে ৰাষ্ট্ৰৰ ভালৰ বাবে সিদ্ধান্ত ল’ব লাগিব৷ ৰাজ্যপালে মন্ত্ৰী মণ্ডল আৰু বিধান সভাৰ কোনো সিদ্ধান্তক পেলাই থব নোৱাৰিব৷ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ চন্দ্ৰচূড়ৰ আদালতে কয় যে নিৰ্বাচিত চৰকাৰক জনতাই পছন্দ কৰে ৰাজ্যপালে এই কথা চাব লাগিব৷

বুধবাৰে দিল্লী চৰকাৰে অগ্নিপৰীক্ষাত উত্তীৰ্ণ হয়৷ দিল্লীৰ উপ-ৰাজ্যপালৰ হাতত দিল্লীক চলোৱাৰ কৰ্তৃত্ব থাকিব নে মুখ্যমন্ত্ৰীৰ হাতত থাকিব এই সন্দৰ্ভত ৰায় প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে৷ বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ পক্ষত ৰায় আহিব নে দিল্লীৰ আপৰ চৰকাৰৰ পক্ষত ৰায় আহিব সেয়া চৰ্চাৰ বিষয় হৈ পৰিছিল৷ ৰাজ্যপালে শাসন কৰিব নে মুখ্যমন্ত্ৰীয়ে তাকেই লৈ বিবাদ চলিছিল আদালতত৷ দিল্লীক পূৰ্ণ ৰাজ্যৰ মৰ্যদা প্ৰদান সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈ আহিছে৷ যদি উচ্চতম ন্যায়ালয়ে আপ চৰকাৰে জনোৱা আবেদনৰ ভিত্তিত দিল্লীৰ চৰকাৰৰ পক্ষত ৰায় প্ৰদান কৰাত এতিয়া দিল্লীয়ে পূৰ্ণ ৰাজ্য হোৱাৰ দৰেই হয় আৰু বহু অধিকাৰ হাতলৈ আহে৷

২০১৬ চনৰ ৪ আগষ্টত দিল্লী উচ্চ ন্যায়ালয়ে এটি ৰায়দানত কৈছিল উপ-ৰাজ্যপাল ৰাজধানী দিল্লীৰ মুৰব্বী৷ চৰকাৰৰ কোনো ক্ষমতা নাই নাই যে বিধানসভাৰ সিদ্ধান্ত মৰ্মে ৰাজ্যপালে কাম কৰিব লাগিব বুলি কৈছিল উচ্চ ন্যায়ালয়ে৷ তাৰ পিছতে দিল্লী আপ চৰকাৰে উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপিছিল৷ 

বুধবাৰৰ ৰায় দিল্লী চৰকাৰৰ পক্ষত দিয়ে৷ এতিয়া সকলো ব্যৱস্থা সলনি হ’ব৷ দিল্লী চৰকাৰ চলোৱাৰ সম্পূৰ্ণ কৰ্তৃত্ব লাভ কৰিব মুখ্যমন্ত্ৰীয়ে৷ আপ চৰকাৰৰ মতে, উপ-ৰাজ্যপালে বহু প্ৰশাসনিক সিদ্ধান্ত লয়৷ এনে পৰিস্থিতিত গণতান্ত্ৰিক পদ্ধতিত নিৰ্বাচিত চৰকাৰৰ সাংবিধানিক জনাদেশৰ মতে কাম কৰাৰ অধিকাৰ আছে৷ সংবিধানৰ ২৩৯এএ মতে এই অধিকাৰ আছে চৰকাৰৰ৷ উচ্চতম ন্যায়ালয়ে ৰায় দি এই কথা স্পষ্ট কৰে মুখ্যমন্ত্ৰীহে মুৰব্বী৷