ডিজিটেল ডেস্কঃ শৌচালয়ৰ প্ৰয়োজনীয়তাৰ সৈতে মহিলাৰ সন্মানৰ সম্পৰ্ক কি? তাকেই ক’বলৈ বুলি স্বচ্ছ ভাৰত অভিযানৰ এক অনুষ্ঠানলৈ গৈছিল বিহাৰৰ ঔৰংগাবাদ জিলাৰ উপায়ুক্ত কানৱাল তনুজ। কিন্তু অনুষ্ঠানটোলৈ গৈ তেওঁ শৌচালয়ৰ যি প্ৰয়োজনীয়তাৰ কথা বুজাবলৈ গ’লে সেয়া কেৱল নিন্দনীয়ই নহয়, লজ্জাজনকো।

নিজৰ ভাষণত উপায়ুক্ত গৰাকীয়ে গাঁওবাসীক উদ্দেশ্যি কয়, 'যদি পাৰে তেন্তে নিজৰ পত্নীৰ সম্ভ্ৰম ৰক্ষা কৰক। আপুনি কিমান দৰিদ্ৰ? আপোনাৰ পত্নীৰ মূল্য যদি ১২,০০০ টকাতকৈ কম মূল্যৰ হয় তেন্তে হাত দাঙক। আগতে মোৰ কথাটো শুনক, তাৰ পিছত হাত দাঙিব। এনে কোনো আছে নে, যিয়ে ক’ব পাৰিব যে মোক ১২,০০০ টকা দিয়ক আৰু বিনিময়ত মোৰ পত্নীৰ সম্ভ্ৰম লওক। আছে নে এনে কোনো লোক?’ 

উপায়ুক্তৰ এই প্ৰশ্নৰ উত্তৰত এজন গাঁওবাসীয়ে কয় যে ঘৰত শৌচাগাৰ নিৰ্মাণ কৰিবলৈ তেওঁৰ হাতত ধন নাই। এই উত্তৰ শুনি আগ-পিছ নাভাবি উপায়ুক্তগৰাকীয়ে লগে লগে কয়, 'মই আপোনাৰ সৈতে কথা পাতিম। যদি আপোনাৰ কথা সত্য হয়, তেন্তে যাওঁক নিজৰ পত্নীক বিক্ৰী কৰি দিয়ক। বহুতেই আগধনৰ কথা কৈছে। সেইসকলে অগ্ৰিম ধন পাইছে। কিন্তু অপ্ৰয়োজনীয় কামত সেই টকা খৰচ কৰি পেলাইছে।’

উপায়ুক্তৰ এই মন্তব্যৰ পিছতে বিহাৰৰ ভিন্ন প্ৰান্তত ছ’চিয়েল মিডিয়াত হৈ-চৈ আৰম্ভ হৈছে। সকলোৱে উপায়ুক্তগৰাকীৰ এনে মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণ দিয়া দেখা গৈছে। মহিলা সন্দৰ্ভত কৰা এনে আপত্তিকৰ মন্তব্যৰ বাবে উপায়ুক্তগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে বহুতে।