বেতবাৰীঃ শিৱসাগৰ প্ৰেছ ক্লাৱৰ উদ্যোগত আজি শিৱসাগৰত অনুষ্ঠিত হৈ যায় শিৱসাগৰ কলেজৰ অৱসৰপ্ৰাপ্ত বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক তথা বিশিষ্ট শিক্ষাবিদ-চিন্তাশীল-লেখক-সাংবাদিক প্ৰয়াত শৰৎ মহন্তৰ চতুৰ্থ সংখ্যাক স্মাৰক বক্তৃতা  অনুষ্ঠান।

শিৱসাগৰ প্ৰেছ ক্লাৱৰ মুখ্য উপদেষ্টা, অসম মানব অধিকাৰ আয়োগৰ প্ৰাক্তন সদস্য, শিৱসাগৰ কলেজৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক তথা বিশিষ্ট শিক্ষাবিদ-চিন্তাশীল-লেখক-সাংবাদিক শৰৎ মহন্তৰ চতুৰ্থ সংখ্যাক মৃত্যু বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি শিৱসাগৰ প্ৰেছ ক্লাৱে আজি অনুষ্ঠিত কৰা গাম্ভিয্যপূৰ্ণ অনুষ্ঠানটোত ‘জাতীয়তাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদ’ শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে শিক্ষাবিদ ড০ নগেন শইকীয়াই।

অনুষ্ঠানটোত উপস্থিত থাকে শিৱসাগৰ জিলাৰ উপায়ুক্ত নাৰায়ণ কোঁৱৰ, শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল, শিৱসাগৰ প্ৰেছ ক্লাৱৰ সভাপতি তথা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ সৌমাৰজ্যোতি মহন্ত, শিৱসাগৰ প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ইনামূল হাজৰিকা, শিৱসাগৰ কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক সাব্যসাচী মহন্তৰ লগতে সংবাদ মাধ্যমৰ প্ৰতিনিধি, বিভিন্ন দল-সংগঠনৰ বিষয়-ববিয়া আৰু শিৱসাগৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷