প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনেই সংঘটিত হয় ধৰ্ষণ-নিৰ্যাতনৰ ঘটনা৷ ৬ মহীয়া শিশুৰ পৰা ৬০ বছৰীয়া বৃদ্ধালৈ সকলো বিকৃত মানসিকতাৰ পুৰুষৰ হাতত নিৰ্যাতিত হৈ আহিছে৷ আৰু এনে পৰিস্থিতিয়ে যে কেৱল মহিলা সকলৰ বাবেই বিপদ কঢ়িয়াই আনিছে তেনে নহয়, ধৰ্ষণ-নিৰ্যাতনৰ ঘটনাই দেশৰ আৰ্থিক ৱ্যৱস্থাতো প্ৰভাৱ পেলাইছে৷ 

এই দাবী কৰিছে বিশ্বৰ বিখ্যাত মেককিন্স গ্লোবেল ইনষ্টিটিউটে৷ ইনষ্টিটিউটে প্ৰকাশ কৰা এক সমীক্ষাত কোৱা হয় যে ধৰ্ষণে দেশৰ আৰ্থিক উন্নয়নত বাধা জন্মাইছে৷

চৰকাৰী তথ্য অনুসৰি, ২০০৭ চনৰ পৰা ২০১৬ চনলৈ ভাৰতত মহিলাৰ ওপৰত নিৰ্যাতনৰ অপৰাধ ৮৩ শতাংশ বৃদ্ধি ঘটিছে৷ কৰ্মস্থানৰ পৰিৱেশ তথা অহা যোৱা কৰা সময়ত মহিলাই নিৰাপত্তাহীনতাত ভুগী প্ৰতিবছৰে লক্ষাধিক মহিলাই চাকৰি ত্যাগ কৰিবলগীয়া হয়৷ যাৰ ফলত মহিলাৰ শিক্ষা আৰু প্ৰশিক্ষণ প্ৰদানত যিমান ধন খৰছ কৰা হয় সেই সকলোবোৰ সমুলঞ্চে নষ্ট হয়৷ 

সমীক্ষা মতে, মহিলাই যদি ইচ্ছা কৰে, অতি কৃতিত্বৰে চাকৰি কৰিব পাৰে৷ কিন্তু নিৰাপত্তাহীনতাৰ বাবেই মহিলাই চাকৰি এৰিবলৈ বাধ্য হয়৷ সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি, ২০০৪ চনৰ পৰা ২০১২ চনলৈ ৮ বছৰত ২ কোটি ভাৰতীয় মহিলাই কৰ্মক্ষেত্ৰৰ পৰা নিজক বিৰত ৰাখিছে৷ 

উল্লেখ্য যে, ভাৰতীয় মহিলাৰ মাত্ৰ ২৭ শতাংশহে উপাৰ্জন সক্ষম৷ এই পৰিমাণ বিশ্বৰ আন বৃহৎ দেশ সমূহৰ তুলনাত আৰু জি২০ গ্ৰুপৰ অন্তৰ্ভুক্ত দেশসমূহৰ তুলনাত তেনেই নগন্য৷ একমাত্ৰ চৌদি আৰৱৰ তুলনাত ভাৰতত মহিলা কৰ্মীৰ সংখ্যা কিছু পৰিমাণে বেছি৷ আনহাতে মেককিন্স গ্লোবেল ইনষ্টিটিউটৰ সমীক্ষাত প্ৰকাশ কৰা অনুসৰি, যদি দেশৰ অধিকাংশ মহিলাক কৰ্মক্ষেত্ৰত নিয়োগ কৰিব পৰা হয়, তেন্তে ২০২৫ চনৰ ভিতৰত দেশৰ জিডিপি ৫১.৫০ লাখ কোটিলৈ বৃদ্ধি হ’ব৷

সম্প্ৰতি ধৰ্ষণ প্ৰতিৰোধৰ বাবে চৰকাৰে ধৰ্ষণকাৰীৰ মৃত্যুদণ্ড প্ৰদানৰ আইন প্ৰনয়ন কৰিছে যদিও এতিয়াও দেশৰ মহিলাসকলে নিজকে সুৰক্ষিত অনুভৱ কৰা নাই৷ আৰু মহিলাসকলৰ নিৰাপত্তাহীনতাৰ ফল ভোগ কৰিব লগীয়া হৈছে দেশৰ অৰ্থনীতিয়ে৷